মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি আহি থাকোতেই শোকাৱহ বাছ দুৰ্ঘটনা, নিহত ৭
মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত মঙলবাৰে পুৱা এখন মিনি বাছ আৰু এখন ট্ৰাকৰ মাজত এক প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয়। প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা পবিত্ৰ স্নান কৰি অন্ধ্ৰপ্ৰদেশলৈ উভতি গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।
এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলতঘটনাস্থলীতে ৭গৰাকী ভক্তৰ মৃত্যু হয়। জবলপুৰৰ কালেক্টৰে কয় যে জিলা সদৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ ছিহোৰা চহৰৰ সমীপত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই ঘটনা।
লগতে ইয়াকো কয় যে এখন ট্ৰাক আৰু এখন মিনি বাছৰ সংঘৰ্ষত অন্ধ্ৰ প্ৰদেশৰ ৭ জন লোকৰ মৃত্যু হয়। এই আটাইকেইজন মানুহ মহা কুম্ভত স্নান কৰি উভতি আহি আছিল।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, ট্ৰাকখন ঘাইপথত ভুল দিশৰ পৰা আহিছিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। ঘটনাত বাছখনৰ ৭ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক মিনি বাছৰ ভিতৰত আবদ্ধ হৈ পৰি আহত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ