মহামণ্ডলেশ্বৰ পদৰ পৰা পদত্যাগ মমতা কুলকাৰ্ণীৰ, ভিডিঅ’ যোগে কৰিলে সদৰি
১০ ফেব্ৰুৱাৰী সোমবাৰে বলীউডৰ প্ৰাক্তন অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে এক ডাঙৰ ঘোষণা কৰে। কিন্নৰ আখৰাৰ মহামণ্ডলেশ্বৰৰ পদৰ পৰা পদত্যাগ কৰে মমতাই। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰি এই বিষয়ে অৱগত কৰি কয় যে তেওঁ সৰুৰে পৰাই সাধৱী আছিল আৰু ভৱিষ্যতেও তেনেকৈয়ে থাকিব।
মমতা কুলকাৰ্ণীয়ে ভিডিঅ’টোত কৈছে যে যমাই মমতা নন্দ গিৰি অৰ্থাৎ কিন্নৰ আখৰাৰ মহামণ্ডলেশ্বৰৰ পদৰ পৰা পদত্যাগ কৰিছে। আজি কিন্নৰ আখৰা বা দুয়োখন আখৰাত তেওঁক মহামণ্ডলেশ্বৰ ঘোষণা কৰা সন্দৰ্ভত বিতৰ্কৰ বাবে তেওঁ পদৰ পৰা পদত্যাগ কৰে।
লগতে ভিডিঅ’ টোত এই বুলি কয় যে, বিগত ২৫ বছৰ ধৰি তেওঁ সাধৱী হৈ আছে আৰু ভৱিষ্যতেও সাধৱী হৈ থাকিব।
মমতা কুলকাৰ্ণীয়ে কয় যে তেওঁক মহামণ্ডলেশ্বৰৰ সন্মান দিয়া হৈছিল যদিও একাংশ লোকে আপত্তি কৰিছিল। কিন্তু প্ৰকৃততে মমতাই তেওঁৰ গুৰু শ্ৰীচৈতন্য গগংগিৰি মহাৰাজৰ নিৰ্দেশনাত ২৫ বছৰ ধৰি কঠোৰ তপস্যা কৰিছিল। শ্ৰী চৈতন্য গগংগিৰি মহাৰাজ এজন সিদ্ধ পুৰুষ, তেওঁৰ লগত তুলনা কৰিব পৰা আন কোনো নাই। সেয়ে নিজে নিজৰ মাজতে সাধৱী হৈ থাকিব ওৰে জীৱন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ