ঐশ্বৰ্যই নাকচ কৰা হলীউডৰ এখন চিনেমাই বক্স অফিচ হিট হিচাপে উপাৰ্জন কৰিছিল ৪১১২ কোটি টকা
বলীউডৰ নায়িকা তথা বিশ্বসুন্দৰী হিচাপে নাম থকা ঐশ্বৰ্যৰ সৌন্দৰ্যৰ কথা সকলোৱে জ্ঞাত। যাৰ বাবে কেৱল বলীউডতেই নহয়, হলীউডতো কেইবাখনো চবিত কাম পাইছিল ঐশ্বৰ্যই। কিন্তু তাৰেই মাজৰ এখন ছবি নাকচ কৰিছিল ঐশ্বৰ্যই, যি পাছলৈ বক্স অফিছ ছুপাৰ হিট প্ৰমাণিত হয়।
ঐশ্বৰ্য ৰায় বচ্চনে কৰিবলৈ অস্বীকাৰ কৰা হলিউডৰ চিনেমাখনৰ নাম হ’ল মিষ্টাৰ এণ্ড মিচেছ স্মিথ। ডাগ লিমানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ব্ৰেড পিটে জন স্মিথৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাৰ কাহিনীভাগ আছিল গোপন এজেণ্টৰ ওপৰত। সেই স্মীথৰেই পত্নী আছিল জেন স্মিথ। এই জেন স্মীথ চৰিত্ৰতে পৰিচালকে ঐশ্বৰ্যক বিচাৰিছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঐশ্বৰ্য ৰায়ে ছবিখনৰ কিছু দৃশ্যৰ বাবে ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল। কিছুমান দৃশ্য কৰিবলৈ অসহজ হৈ পৰিছিল ঐশ্বৰ্য ৰায়, যাৰ বাবে নাকচ কৰিছিল ছবিখন কৰিবলৈ। যি পিছলৈ এই ভূমিকাত অভিনয় কৰে এঞ্জেলিনা জ’লী।
ছবিখনে হলীউডৰ বক্স অফিছত পাছলৈ ছুপাৰহিট প্ৰমাণিত হয়। লগতে লাভ কৰে ৪১১২ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ