ভাৰতীয় মহিলা ক্ৰিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল। স্মৃতি-দীপ্তি-শফলী-ৰিচাৰা সকলোৰে ঘৰৰ কন্যা হৈ পৰিছে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বৰ কেৰিয়াৰ ফাইনেলৰ পৰা আৰম্ভ হৈছিল আৰু ফাইনেলৰ জৰিয়তে শেষ হৈছিল। ২০১২ চনত মিতালী ৰাজ আৰু ঝুলন গোস্বামীৰ অনুপস্থিৰ বাবে হৰমনপ্ৰীত কৌৰক পাকিস্তানৰ বিৰুদ্ধে টি-২০ এছিয়া কাপৰ ফাইনেলত ষ্টেণ্ড-ইন হিচাপে অধিনায়কত্ব দিয়া হৈছিল।
১৪ বছৰৰ পাছত তেওঁৰ দায়িত্বত থকা চূড়ান্ত মেচখনেই আছিল তেওঁৰ অন্তিমখন – এছিয়ান গেমছৰ স্বৰ্ণ পদক মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ১৪৭ ৰানত জয়লাভ ভাৰত। অধিনায়ক হিচাপে ২১১ খন মেচ, ১২৬ খন জয়, ৮ খন খিতাপ আৰু এটা স্বৰ্ণ পদক – সেয়াই হৈছে ভাৰতীয় অধিনায়কৰ কেৰিয়াৰ এক সংক্ষিপ্তভাৱে। ভাৰতৰ প্ৰথম মহিলা এদিনীয়া বিশ্বকাপ জয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক টি-২০ অধিনায়কত্বও তেওঁৰ কৃতিত্ব।
৩৭ বছৰীয়া হৰমনপ্ৰীতে ভাৰতক ২১১খন আন্তঃৰাষ্ট্ৰীয় মেচত নেতৃত্ব দিছে – ৫খন টেষ্ট, ৫১খন এদিনীয়া আৰু ১৫৫খন টি-২০ত। ইয়াৰে ভাৰতে ১২৬খন মেচত জয়লাভ কৰিছে, জয়ৰ হাৰ ৫৯.৭২% – ভাৰতীয় মহিলা ক্ৰিকেটৰ ইতিহাসৰ যিকোনো অধিনায়কৰ ভিতৰত সৰ্বাধিক।

ইনষ্টাগ্ৰামত লিখিছে, “আজি মই সকলো ফৰ্মেটতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছো। এয়া কোনো সহজ সিদ্ধান্ত নহয়। ইয়াৰ লগত বছৰ বছৰ ধৰি স্মৃতি, আৱেগ, ত্যাগ জড়িত হৈ আছে। মই এই দল আৰু ভাৰতীয় মহিলা ক্ৰিকেটক মোৰ সকলোখিনি দিছো – মোৰ তেজ, ঘাম, সময়, ত্যাগ, গৌৰৱ। মই সকলো দিছো। এতিয়া, মই পুনৰ মৰমেৰে খেলখন খেলিবলৈ সাজু। অধিনায়কত্ব শেষ। যাত্ৰা অব্যাহত আছে।” ফটো সৌজন্য- ইনষ্টাগ্ৰাম
অধিনায়ক পদৰ পৰা পদত্যাগ কৰিলেও তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই, বেটছমেন হিচাপে খেলি থাকিব বুলি স্পষ্টকৈ কৈছে হৰমনপ্ৰীতে। তেওঁৰ অধিনায়কত্বৰ শ্ৰেষ্ঠ কৃতিত্ব: ২০২৫ চনৰ এদিনীয়া বিশ্বকাপ: ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতৰ প্ৰথমটো মহিলা বিশ্বকাপ জয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















