জ্যোতিষীয় গণনা অনুসৰি এই দিনটো কেইবাটাও ৰাশিৰ বাবে বিশেষভাৱে শুভ হ’ব পাৰে। বৃহস্পতিবাৰৰ প্ৰভাৱ, চন্দ্ৰৰ অৱস্থান আৰু শুভ যোগৰ ফলত কৰ্কট, সিংহ, তুলা, বৃশ্চিক আৰু মকৰ ৰাশিৰ জাতক-জাতিকাই কেৰিয়াৰ, ব্যৱসায়, ধন আৰু ব্যক্তিগত জীৱনত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। জ্যোতিষীয় পূৰ্বানুমান অনুসৰি কিছুমান ৰাশিৰ বাবে নতুন চাকৰিৰ সুযোগ, ব্যৱসায়ত লাভ, পুৰণি বিনিয়োগৰ পৰা ফল আৰু সম্পৰ্কত সুখৰ যোগ দেখা গৈছে।
কৰ্কট ৰাশি — আদালতৰ বিষয়ত সফলতা, ধনলাভৰ যোগ
কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে ৮ অক্টোবৰ যথেষ্ট শুভ হ’ব পাৰে। কোনো পুৰণি আইনী বা আদালতৰ বিষয় চলি থাকিলে তাত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও লাভজনক সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ আহিব পাৰে।
ব্যক্তিগত জীৱনতো সংগীৰ সৈতে সম্পৰ্ক মধুৰ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আৱেগৰ সলনি যুক্তিক অগ্ৰাধিকাৰ দিয়ক।
সিংহ ৰাশি — ধনলাভ আৰু নতুন সুযোগ
সিংহ ৰাশিৰ বাবে দিনটো বিশেষভাৱে লাভজনক হ’ব পাৰে। ব্যৱসায়ত ভাল সুযোগ লাভ কৰাৰ লগতে ধন উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ পাব পাৰে।
অৱশ্যে আবেগৰ বশৱৰ্তী হৈ অতিৰিক্ত খৰচ নকৰিব। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো লাভজনক হ’ব।
তুলা ৰাশি — নতুন আৰম্ভণি, লাভজনক Deal
তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে ৮ অক্টোবৰ নতুন আৰম্ভণিৰ দিন হ’ব পাৰে। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক Deal কৰাৰ সুযোগ আহিব পাৰে। চাকৰি কৰা লোকসকলেও নিজৰ কামৰ ক্ষেত্ৰত নতুন সম্ভাৱনা লাভ কৰিব পাৰে।
সম্পৰ্কৰ ক্ষেত্ৰতো দিনটো ইতিবাচক। পৰিয়ালৰ সদস্যৰ সৈতে থকা ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ পাব পাৰে।
বৃশ্চিক ৰাশি — ৰাজযোগৰ প্ৰভাৱত উন্নতি
বৃশ্চিক ৰাশিৰ বাবে ৮ অক্টোবৰ শুভ ফল কঢ়িয়াই আনিব পাৰে। জ্যোতিষীয় পূৰ্বানুমান অনুসৰি ৰাজযোগৰ প্ৰভাৱত কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ সৃষ্টি হ’ব পাৰে। চৰকাৰী কাম বা কোনো গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াতো সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে।
আৰ্থিক দিশত স্থিৰতা আহিব পাৰে। পুৰণি কোনো কামৰ ফল এই সময়ছোৱাত লাভ কৰাৰ সম্ভাৱনাও আছে।
মকৰ ৰাশি — নতুন চাকৰিৰ সুযোগ, কেৰিয়াৰত সফলতা
৮ অক্টোবৰ মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে অন্যতম শুভ দিন হ’ব পাৰে। চাকৰি বিচাৰি থকা লোকসকলে নতুন Job Offer লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নিজৰ কামৰ স্বীকৃতি পোৱাৰ লগতে গুৰুত্বপূৰ্ণ সুখবৰ লাভ কৰিব পাৰে।
ব্যৱসায়ীসকলৰ বাবেও দিনটো ভাল। নতুন সুযোগ বা চুক্তিয়ে ভৱিষ্যতে আৰ্থিক লাভৰ পথ মুকলি কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















