কাৰ্বি ভূমিত পুনৰ আৰম্ভ হ’ব প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমি বেদখল কৰি থকা লোকসকলক ইতিমধ্যে জাননী জাৰি কৰাৰ পাছতো ভূমি খালী নকৰিলে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। অহা ১১ অক্টোবৰৰ পৰা ‘দয়া নাই, ক্ষমা নাই’ নীতিৰে বুলড’জাৰ চলোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙে।
জানিব পৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ খটখটি, দুদুকলনি আৰু খানবস্তি অঞ্চলত এই উচ্ছেদ অভিযান চলোৱা হ’ব। এই অঞ্চলসমূহত চৰকাৰী ভূমি বেদখল কৰি বসতি স্থাপন বা অন্যান্য নিৰ্মাণ কৰা লোকসকলক ইতিমধ্যে ভূমি খালী কৰাৰ বাবে জাননী প্ৰদান কৰা হৈছে।
কিন্তু জাননী লাভ কৰাৰ পাছতো যিসকলে চৰকাৰী ভূমি এৰি দিয়া নাই, তেওঁলোকৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে। অৰ্থাৎ, নিৰ্ধাৰিত সময়ৰ ভিতৰত বেদখলমুক্ত নকৰিলে প্ৰশাসনৰ বুলড’জাৰে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ বা অন্যান্য স্থাপনা ভাঙি পেলাব পাৰে।
CEM তুলিৰাম ৰংহাঙে উচ্ছেদ অভিযানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি বেদখলকাৰীসকলক শেষবাৰৰ বাবে সকীয়াই দিয়ে। চৰকাৰী ভূমি কোনো কাৰণতে বেদখল কৰি ৰাখিবলৈ দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত চৰকাৰী ভূমি বেদখলৰ অভিযোগক লৈ প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আগন্তুক ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া অভিযানত প্ৰশাসনে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন নকৰাৰ ইংগিত দিছে।
ফলত জাননী জাৰি কৰাৰ পাছতো চৰকাৰী ভূমি খালী নকৰা বেদখলকাৰীসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবেও প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
১১ অক্টোবৰৰ পৰা কাৰ্বি ভূমিত পুনৰ চলিব বুলড’জাৰ। বেদখলকাৰীক শেষ সকীয়নি—এইবাৰ ‘দয়া নাই, ক্ষমা নাই’ নীতিৰে চলিব উচ্ছেদ অভিযান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















