ৰেষ্টুৰেন্টত আমি সকলোৱে খাদ্য খাও। কেতিয়াবা খাদ্য খাই বিল দিয়াৰ সময়ত আমাক পইচাৰ সলনি চকলেট দি দিয়ে। কেৱল ৰেষ্টুৰেন্টতেই নহয়, বিভিন্ন মলতো একেই কৰে।কিন্তু সেয়া উচিতনে?
এখন ৰেষ্টুৰেণ্টে এজন গ্ৰাহকৰ পৰা অতিৰিক্ত ৫০ পইচা লয়। যাৰ বাবে কৰ্তৃপক্ষই ডাঙৰ জৰিমনা ভৰিব লগা হৈছিল। মাত্ৰ ৫০ পইচাক লৈ গ্ৰাহকৰ সৈতে হোৱা বিবাদ আনকি গ্ৰাহক সুৰক্ষা আয়োগৰ ওচৰলৈও গৈছিল। তাতেই ৰেষ্টুৰেণ্টখনে (জয়পুৰ ৰেষ্টুৰেণ্টে) ডাঙৰ আঘাতৰ সন্মুখীন হয়। আয়োগৰ নিৰ্দেশ অনুসৰি অতিৰিক্ত ৫০ পইচা লোৱাৰ বাবে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই ১০ হাজাৰ টকা ক্ষতিপূৰণ দিবলগীয়া হৈছিল। এই ঘটনা সংঘটিত হৈছে জয়পুৰৰ এখন ৰেষ্টুৰেণ্টৰ।
১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ত সংঘটিত হৈছিল এই ঘটনা। সেইদিনা ৫০ বছৰীয়া এজন ব্যক্তিয়ে পৰিয়ালৰ সৈতে বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। আহাৰ খোৱাৰ পিছত বিল পোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হ’ল। অভিযোগ অনুসৰি এই বিল ১৬৪৮ টকা আৰু ৫০ পইচা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে ইয়াক ১৬৪৯ টকালৈ ঘূৰাই দিলে। অৰ্থাৎ গ্ৰাহকৰ পৰা অতিৰিক্ত ৫০ পইচা লোৱা হৈছিল। এই সামান্য ধনৰ বাবে ইমান ডাঙৰ জৰিমনা কেনেকৈ ভুগিবলগীয়া হ’ল ৰেষ্টুৰেণ্টখনে?
গ্ৰাহকে কিয় গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল?
ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ১৪ ফেব্ৰুৱাৰীত লোকজন পৰিয়ালৰ সৈতে ৰেষ্টুৰেণ্টলৈ গৈছিল।তেওঁ বিলৰ ধনৰ ওপৰত আপত্তি কৰিছিল। তেওঁ কয় যে তেওঁ ইউ পি আইৰ জৰিয়তে ধন দিব। তেনে ক্ষেত্ৰত নিৰ্দিষ্ট পৰিমাণৰ ধন দিয়াৰ বিকল্প আছে। গতিকে, বিলৰ পৰিমাণ গোল কৰি লোৱাৰ প্ৰয়োজন নাই।
কিন্তু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে তেওঁক কোৱা বুলি অভিযোগ উঠিছে যে তেওঁলোকৰ নিয়ম অনুসৰি বিলখন গোল কৰিব লাগিব। আনকি অতিৰিক্ত ধন দিবলৈ বাধ্য হোৱা বুলিও অভিযোগ উত্থাপন কৰে লোকজনে। লগতে তেওঁ দাবী কৰে যে কৰ্মচাৰীসকলৰ আচৰণ যথেষ্ট বেয়া।
ইয়াৰ পিছত তেওঁ গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল। তেওঁ অভিযোগ কৰে যে কোনো পূৰ্বৰ জাননী বা তথ্য অবিহনে অতিৰিক্ত ধন লোৱা হৈছিল। যিটো অন্যায় বাণিজ্যিক প্ৰথা আৰু সেৱাৰ অভাৱৰ সমান আছিল। শুনানিৰ সময়ত ৰেষ্টুৰেণ্টখনৰ পৰা কোনো লোক উপস্থিত নাছিল। ফলত ৰেষ্টুৰেণ্টখনৰ বক্তব্য অবিহনে একপক্ষীয়ভাৱে গোচৰৰ শুনানি গ্ৰহণ কৰা হয়।
গ্ৰাহক সুৰক্ষা আয়োগে কি নিৰ্দেশ দিলে?
২৭ অক্টোবৰৰ নিৰ্দেশত জয়পুৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে কয় যে কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বিলৰ পৰিমাণ গোল কৰি অতিৰিক্ত ধন লোৱাটো স্পষ্টভাৱে অন্যায় বাণিজ্যিক প্ৰথা। এই প্ৰসংগত আয়োগে ৰাজস্থান ৰাজ্যিক গ্ৰাহক আয়োগৰ এটা পুৰণি গোচৰৰ কথাও উল্লেখ কৰে। ‘পৰসৰামপুৰীয়া মাৰ্ট বনাম নন্দকিশোৰ সাহু’ গোচৰৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে এজন ব্যৱসায়ীয়ে নিজৰ ইচ্ছামতে বিলৰ পৰিমাণ বৃদ্ধি কৰি গ্ৰাহকৰ পৰা অতিৰিক্ত ধন ল’ব নোৱাৰে।
এই কাৰণতে আয়োগে ৰেষ্টুৰেণ্টখনলৈ কেইবাটাও আদেশ জাৰি কৰিছে। লোৱা অতিৰিক্ত ৫০ পইচা গ্ৰাহকক ঘূৰাই দিব লাগিব। ইয়াৰ উপৰিও ৰেষ্টুৰেণ্টখনে মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সাত হাজাৰ টকা আৰু আইনী খৰচৰ বাবে আৰু তিনি হাজাৰ টকা ক্ষতিপূৰণ দিব লাগিব। অৰ্থাৎ মুঠ জৰিমনা আৰু ১০ হাজাৰ টকা ক্ষতিপূৰণ দিব লাগিব কৰ্তৃপক্ষই।
গ্ৰাহকে কিহৰ প্ৰতি সাৱধান হ’ব লাগে?
এই কাণ্ডই আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে যে ৰেষ্টুৰেণ্ট, গেলামাল, বা সেৱাৰ বিল কিয় সযতনে পৰ্যালোচনা কৰাটো গুৰুত্বপূৰ্ণ। যদি বিলখনত কোনো অতিৰিক্ত চাৰ্জ যোগ কৰা হয়, তেন্তে সেইবোৰ আগতীয়াকৈ প্ৰকাশ কৰা হৈছে নে নাই আৰু গ্ৰাহকে সন্মতি দিছে নে নাই সেইটো পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
যদি কোনো ব্যৱসায়ীয়ে কোনো বিল সম্পৰ্কীয় যুক্তিসংগত অভিযোগ সমাধান কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে গ্ৰাহকে ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক লাইনৰ পৰা সহায় বিচাৰিব পাৰে। ১৯১৫ নম্বৰত ফোন কৰি বা নেশ্যনেল কনজিউমাৰ হেল্পলাইন ৱেবছাইটত গৈ অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰিব।
মনত ৰাখিব, যিমানেই কম পৰিমাণৰ নহওক কিয়, গ্ৰাহকৰ অনুমতি অবিহনে অতিৰিক্ত ধন লোৱাৰ বিষয়টোক আপুনি আওকাণ কৰা উচিত নহয়। নিজৰ অধিকাৰৰ বিষয়ে সচেতন হওক আৰু প্ৰতিবাৰ বিল পৰিশোধ কৰাৰ আগতে ধনখিনি ভালদৰে পৰীক্ষা কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















