আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক আৱেগিক দিন। অসমীয়াৰ প্ৰাণৰ শিল্পী, লাখ লাখ অনুৰাগীৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গৰ জন্মদিন। জুবিনবিহীন এয়া দ্বিতীয়টো জন্মদিন। কিন্তু এইবাৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। জন্মদিন আহিছে, কিন্তু নাই সেই চিনাকি হাঁহি, নাই অনুৰাগীৰ সৈতে মত বিনিময় কৰাৰ সেই চিনাকি মুহূৰ্তবোৰ আজিও সকলোৱে মনত কৰিছে। সেয়েহে জন্মদিনৰ আনন্দৰ মাজতো বিয়পি পৰিছে এক গভীৰ বিষাদ। নিশা সোণাপুৰ জুবিনক্ষেত্ৰত অনুৰাগীয়ে কেক কাটি জন্মদিনউদযাপন কৰে।
জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমীয়াৰ আৱেগ, অনুভূতি আৰু আত্মপৰিচয়ৰ এক অবিচ্ছেদ্য অংশ। তেওঁৰ কণ্ঠত প্ৰাণ পাইছিল হাজাৰ হাজাৰ গান। প্ৰেম, বিৰহ, জীৱন, সংগ্ৰাম আৰু মানৱতাৰ প্ৰতিটো অনুভূতিক তেওঁ নিজৰ গীতেৰে প্ৰকাশ কৰিছিল। সেয়েহে তেওঁৰ গান কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ থকা নাছিল, বৰং প্ৰতিজন অসমীয়াৰ জীৱনৰ একো একোটা স্মৃতিৰ অংশ হৈ পৰিছিল।
জন্মদিনৰ দিনটোত অনুৰাগীৰ মনত ভাঁহি উঠিছে অতীতৰ সেই সোণালী মুহূৰ্তবোৰ। কেতিয়াবা তেওঁৰ গীতৰ সুৰত মতলীয়া হৈছিল অসম, কেতিয়াবা আকৌ তেওঁৰ কণ্ঠই নিসংগ হৃদয়ক দিছিল সান্ত্বনা। আজি সেই একেবোৰ গীতেই অনুৰাগীৰ চকুত চকুলো বোৱাইছে।
জুবিন গাৰ্গৰ কণ্ঠত নিগৰিত ‘মায়াবিনী’, ‘পাখি পাখি’, ‘অনামিকা’ৰ দৰে গীত আজিও শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আছে। সময় সলনি হৈছে, কিন্তু তেওঁৰ গীতৰ জনপ্ৰিয়তা ম্লান হোৱা নাই। নতুন প্ৰজন্মৰ মাজতো তেওঁৰ গীতৰ প্ৰতি থকা আকৰ্ষণ একেই আছে।
জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে প্ৰিয় শিল্পীজনক নিজৰ নিজৰ ধৰণে স্মৰণ কৰিছে। কোনোবাই তেওঁৰ গীত শুনি স্মৃতি ৰোমন্থন কৰিছে, কোনোবাই সামাজিক মাধ্যমত পুৰণি ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে, আন কোনোবাই আকৌ তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে শিল্পীজনক সুঁৱৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















