• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

4 minutes ago
গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

53 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

Daily Horoscope: সৌভাগ্যৱান ৩ ৰাশি, আজি পাব ইটোৰ পিছত সিটো সুযোগ!

2 hours ago
জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

10 hours ago
ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা

ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা

11 hours ago
‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

11 hours ago
ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

12 hours ago
১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

12 hours ago
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

13 hours ago
সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

13 hours ago
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

14 hours ago
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

15 hours ago
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা বহু আশা লৈ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল জুবিনে।

editor by editor
November 18, 2026
in অসম, বিনোদন, বিবিধ, লেখা, সংগীত
0
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘অনামিকা’ৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ সংগীত যাত্ৰা। গায়ক, গীতিকাৰ আৰু সুৰকাৰ জুবিনে নিৰৱে কৰি গৈছিল কাম। কামেৰে সকলোৰে হৃদয় জয় কৰিছিল জুবিনে। আজি এই মহান শিল্পীজনৰ ওপজা দিন।

শৈশৱ, কৈশোৰ আৰু যৌৱন

জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্ম-সূত্ৰে মেজিষ্ট্ৰেট আছিল। আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ’বলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল’ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ‌ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল।

জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আছিল। দুৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

সংগীত যাত্ৰা

জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰপৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য’ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল।

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰি জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। এই অগতানুগতিক এলবামটোয়ে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত ই‌ন্‌ষ্টেণ্ট হিটৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল আৰু আহি থকা একৈছ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্য-পটৰে নতুন সংজ্ঞা দাঙি ধৰিছিল। তাৰ পিছত, জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় চল্লিছটাকৈ এলবামৰ উপৰি ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে।

তেওঁৰ শেহতীয়া বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপি এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে। ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়। ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰি সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰদ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ’ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!
বিনোদন

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

November 18, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

Daily Horoscope: সৌভাগ্যৱান ৩ ৰাশি, আজি পাব ইটোৰ পিছত সিটো সুযোগ!

November 18, 2026
জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?
অসম

জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

November 17, 2026
ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা
নিয়োগ

ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা

November 17, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.