অসম লাইভ২৪ঃ কিমান নৃশংস হ’লে কণমানি শিশুক ইমান শাস্তি দিব পাৰে? সামাজিকভাৱে প্ৰতিপত্তিশালী দম্পতিৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে। কণমানি শিশু দুটিক শাৰিৰীক, মানসিক অত্যাচাৰ চলাই আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতি ৱালিউল আৰু সংগীতা। লকআপত থাকিলেও আভিজাত্যৰ মোহ এৰিব পৰা নাই চিকিৎসক দম্পতিয়ে। আৰক্ষীৰ ওচৰতেই বাৰে বাৰে আত্মহত্যাৰ চেষ্টা কৰিছে চিকিৎসক ৱালিউলে। মানসিকভাৱে ভাঙি পৰা ডাঃ ৱালিউলে নিজকে স্থিৰ কৰি ৰাখিবলৈ যোগাভ্যাসৰ আশ্ৰয় লৈছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
লকআপত তদন্তকাৰী আৰক্ষী দলক বালিউলে বাৰে বাৰে সুধিছে, ‘মোক এনকাউণ্টাৰ কৰিব নেকি?’ আৰক্ষীয়ে চিকিৎসক ৱালিউলক আশ্বাস দিছে, তদন্তত সহযোগিতা কৰি যাওক। তেনে কাম অসম আৰক্ষীয়ে নকৰে। আনহাতে মহিলা আৰক্ষী থানাৰ লকআপত থকা ডাঃ সংগীতাই বাৰে বাৰে নাম লৈছে উচ্চ পদবীধাৰী বিভিন্নজন লোকৰ। তেওঁক ফচাই দিয়া হৈছে সেই কথাকো বাৰে বাৰে উল্লেখ কৰিছে সংগীতাই। জেৰাৰ বাবে বাহিৰলৈ ওলাই আনোতেও সংগীতা তদন্তকাৰী আৰক্ষী বিষয়াৰ সৈতে তৰ্কত লিপ্ত হৈছে। লগতে আৰক্ষীকো প্ৰশ্ন কৰিছে সংগীতাই। কিয় সংগীতাক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে? উচ্চ পদবীধাৰী লোকসকলে এসময়ত তেওঁৰ সৈতে উঠা-বহা কৰি বিপদৰ সময়ত লগ এৰা বুলিও চিঞৰি চিঞৰি কৈছে ডাঃ সংগীতাই।
দুটাকৈ শিশুক অমানৱীয় শাস্তি দিয়া ডাঃ সংগীতা আৰু ডাঃ ৱালিউলৰ বেয়া দিন যেন আৰম্ভ হৈছে। সকলোৱে গৰিহণা দিছে, এয়া কৰ্মফল ভোগ কৰিছে ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে। মুখ্যমন্ত্ৰীয়েও দোষীৰ বিৰুদ্ধে ভালধৰণে তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ অসম আৰক্ষীয়ে সাজু কৰিছে সকলো তদন্ত প্ৰক্ৰিয়া। সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলামৰ বিৰুদ্ধে পানী নসৰকা ছাৰ্জশ্বীট তৈয়াৰ কৰিব বুলিও জনাইছে অসম আৰক্ষীৰ তদন্তকাৰী দলে। চিকিৎসক দম্পতিৰ বিৰুদ্ধে ‘POCSO’ আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। DGP জি পি সিঙে এক সংবাদমেল যোগে সদৰি কৰিছে এই কথা।
POSCO আইনত যোগেদি ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে কি শাস্তি পাব? যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২ চমুকৈ POSCO আইন অনুসৰি ৮ বছৰৰ তলৰ সকলো শিশুক যৌন আতিশায্য, পৰ্ন’গ্ৰাফীৰ সৈতে জড়িত কৰালে এই আইনৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা হয়। এই আইনখনৰ জৰিয়তে অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে অপৰাধ কিমান গুৰুতৰ তাৰ ওপৰত ভিত্তি কৰিয়েই শাস্তিৰ পৰিমাণ নিৰ্ণয় হয়।
আইনখনে অপৰাধীক জৰিমনা বিহাৰো বিধান দিছে। এই ক্ষেত্ৰত আদালতে সিদ্ধান্তৰ ওপৰতেই সেয়া নিৰ্ভৰশীল। যদি শিশুৰ বাবে বিশ্বাসযোগ্য অথবা শিশুৰ কৰ্তৃত্ব ল’ব পৰা ব্যক্তিয়ে শিশুৰ এটাৰ বিৰুদ্ধে এনে অপৰাধ সংঘটিত কৰে তেন্তে সেই অপৰাধক ‘গুৰুতৰ’ হিচাপে গণ্য কৰা হয়। আইনখনে নিৰ্ধাৰণ কৰা শাস্তিৰ ব্যৱস্থাসমূহ হ’লঃ
বলপূৰ্বক যৌন আতিশায্য অনুসৰি(৩ নং দফা) কমেও সাত বছৰৰ কাৰাদণ্ড হ’ব পাৰে। যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে। জৰিমনা (৪ নং দফা) বলপূৰ্বক যৌন আক্ৰমণ (৫ নং দফা)-কমেও দহ বছৰৰ কাৰাদণ্ড, যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৬ নং দফা), যৌন আক্ৰমণ (৭ নং দফা)-কমেও তিনি বছৰৰ কাৰাদণ্ড, যি পাঁচ বছৰলৈ বৃদ্ধি হ’ব পাৰে, আৰু জৰিমনা (৮ নং দফা), গুৰুতৰ যৌন আক্ৰমণ (৯ নং দফা)- কমেও পাঁচ বছৰৰ কাৰাদণ্ড, যি সাত বছৰলৈ বৃদ্ধি হ’ব পাৰে আৰু জৰিমনা (১০ নং দফা), শিশুক পৰ্ন’গ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ (১৩ নং দফা)-পাঁচ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা তথা পুনৰ দোষী সাব্যস্ত হ’লে সাত বছৰৰ কাৰাদণ্ড আৰু জৰিমনা (১৪ (১) নং দফা)
উল্লেখ্য যে, এই সকলোবোৰ দিশলৈ চাই কব পাৰি যে, কমেও সাত বছৰৰ কাৰাদণ্ড দিব পাৰে চিকিৎসক দম্পতিক। অৱশ্যে এতিয়ালৈকে আইনী সকলো দিশ পোহৰলৈ অহা নাই। প্ৰত্যেক সময়তে এটাৰ পাছত আনটো নাটক কৰিবলৈ আৰম্ভ কৰিছে চিকিৎসক দম্পতিয়ে। অৱশ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰি কৰিছে যে, কঠোৰৰ পৰা কঠোৰ শাস্তিৰ বাবে ইতিমধ্যে অসম আৰক্ষী সাজু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ