অসম লাইভ২৪ঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ল’লে। ৩৬ বছৰীয়া ছানিয়াই শুকুৰবাৰে খেলিলে জীৱনৰ অন্তিম খন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষবাৰৰ দেখা গ’ল টেনিছ তাৰকা ছানিয়া মিৰ্জাক। ছানিয়া মিৰ্জাই টেনিছৰ জৰিয়তেই ভাৰতৰ বহুকেইটা উল্লেখনীয় সন্মানো লাভ কৰিছে। ছানিয়া মিৰ্জাই অৰ্জুন বঁটা, পদ্মশ্ৰী বঁটা, পদ্মভূষণৰ দৰে কেইবাটাও আগশাৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এগৰাকী টেনিছ তাৰকা হিচাপে তেওঁৰ কেৰিয়াৰত বহুকেইটা বিতৰ্কই লেখত ল’বলগীয়া। বিদায়ীবেলাত ছানিয়া মিৰ্জাৰ পাঁচটা ডাঙৰ বিতৰ্ক পোনৰ পোহৰলৈ আহিছে।
ছানিয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ফতোৱা
২০০৫ চনৰ ৮ ডিচেম্বৰত ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছিল। কিন্তু কিয় ফতোৱা জাৰি কৰা হৈছিল ছানিয়াৰ বিৰুদ্ধে? ফতোৱা জাৰি কৰাৰ কাৰণ আছিল মিনি স্কাৰ্ট পৰিধান। ১০ বছৰ পূৰ্বেই জাৰি কৰা ফতোৱাত ইছলামিক আইন অনুসৰি এগৰাকী মুছলমান যুৱতী হৈ এনেদৰে মিনি স্কাৰ্ট পিন্ধাটো অপৰাধ। সেইসময়ত স্কাৰ্টক লৈ সমালোচনাৰ সন্মুখীন হৈছিল ছানিয়া। তেওঁৰ পোছাকক লৈ ফতোৱা জাৰি কৰিছিল এগৰাকী ভাৰতীয় মুছলমান ধৰ্মগুৰুৱে।
মছজিদত ছানিয়া মিৰ্জা
২০০৭ চনত আকৌ বিতৰ্কৰ সন্মুখীন হৈছিল ছানিয়া। সংখ্যালঘূ উন্নয়ন বিভাগে ছানিয়া মিৰ্জাৰ বিৰুদ্ধে আনিছিল মাৰাত্মক অভিযোগ। তেওঁ মছজিদত প্ৰৱেশ কৰিয়েই কেমেৰাৰে শ্বুটিঙ কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰে ভিজুৱেল লোৱাৰ ক্ষুদ্ধ হৈছিল স্থানীয় ৰাইজ। তেওঁলোকে ছানিয়া মিৰ্জাক মছজিদত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ধৰ্মীয় আৱেগত আঘাত হনাৰ বাবে অপৰাধী গণ্য কৰিছিল।
জাতীয় পতাকাক অৱমাননা কৰিছিল ছানিয়াই
২০০৮ চনত ছানিয়া মিৰ্জাৰ বিৰুদ্ধে ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। জাতীয় পতাকাৰ ওচৰত এখন টেবুলত ভৰি তুলি বহিছিল ছানিয়া। এই ছবি ভাইৰেল হৈ পৰাৰ পাছতেই প্ৰকাশ সিং ঠাকুৰ নামৰ এজন ব্যক্তিয়ে ছানিয়াৰ বিৰুদ্ধে জাতীয় পতাকা অৱমাননাৰ অভিযোগ আনিছিল। অৱশ্যে পৰবৰ্তীসময়ত এই ভাইৰেল ছবিখন এখন নকল ছবি বুলি প্ৰমাণিত হয়।
এংগেজমেণ্টৰ পাছতেই হৈছিল ডিভোৰ্ছ
ছানিয়াই তেওঁৰ সৰুকালৰ বন্ধু শোহৰাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ২০০৯ চনত হায়দৰাবাদত দুয়োৰে এংগেজমেণ্টো সম্পন্ন হৈছিল। কিন্তু তাৰ কিছুমাহ পাছতেই দুজনৰ মাজত পাৰিবাৰিক বিবাদ হয়। শেষত দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত লয়।
পাকিস্তানী ক্ৰিকেটাৰ ছোয়েব মালিকৰ সৈতে ডিভোৰ্ছ!
ছানিয়া মিৰ্জাৰ জীৱনৰ সকলোতকৈ ডাঙৰ বিতৰ্ক হৈছে তেওঁৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ। ২০১২ চনত পাকিস্তানী ক্ৰিকেটাৰ ছোয়েব মালিকৰ সৈতে বিবাহৰ সম্পৰ্কত বান্ধ খাইছিল ছানিয়া। তেওঁলোকৰ বিবাহক লৈয়ো আৰম্ভ হৈছিল চৰ্চাও। দেশপ্ৰেমক লৈয়ো সমালোচনাৰ সন্মুখীন হৈছিল ছানিয়া। তাৰপাছতেই বিবাহৰ প্ৰায় ১০ বছৰ পাছত দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি বহুসংখ্যকেই চলাইছিল প্ৰচাৰ। অৱশ্যে দুয়োৰে মাজত বিচ্ছেদ হৈছেনে সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ