সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত সকলোসময়তে গণিকাবৃত্তি, নৰ্তকী আদিৰ কাহিনীহে দেখা যায়৷ এক সাক্ষাৎকাৰত সঞ্জয় লীলা ভাঞ্চালীক কৰা হৈছিল এই একেই প্ৰশ্ন৷ কিয় সাধাৰণ এগৰাকী নাৰী তেওঁৰ কাহিনীৰ চৰিত্ৰ হ’ব নোৱাৰে৷ তেতিয়াই সঞ্জয় লীলা ভাঞ্চালীয়ে কয়, ‘মই ৰহস্যময় আৰু আকৰ্ষণীয় মহিলা বুলি ক’লে এইসকল মহিলাকেই বুজো৷ ৰেচনৰ বাবে শাৰী পতা মধ্যবিত্ত নাৰীসকলৰ জানো কিবা কাহিনী থাকিব? বা এইসকলৰ প্ৰতি মই আকৃষ্টও নহওঁ৷’
এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সঞ্জয় লীলা ভাঞ্চালীয়ে ৰোমন্থন কৰে স্কুলীয়া দিনৰ কথাও৷ ‘স্কুলীয়া দিনৰ পৰাই মই অলপ ৰহস্যময় নাৰীকহে নজৰ দিও৷ সাধাৰণ যেন লগা নাৰী মোৰ চকুত নপৰে৷ সেই অভ্যাস এতিয়াও মোৰ আছে৷’ ইয়াৰোপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সঞ্জয় লীলা ভাঞ্চালীয়ে কয়, ‘মোৰ মতে গণিকা, নৰ্তকী, পতিতা সকলোবোৰ পৃথক৷ কিন্তু প্ৰত্যেকগৰাকীৰেই একোটা একোটা ৰহস্যময় জীৱন আছে৷ তেওঁলোক অতি শক্তিশালী মহিলা৷ সেয়ে তেওঁলোকক মই আকৰ্ষণীয় বুলি ভাৱো৷’
সঞ্জয় লীলা ভাঞ্চালীয়ে কয়, ‘এই সকল মহিলা খুবেই আকৰ্ষণীয়৷ তেওঁলোকে গান গায়, তেঁওলোকে নাচে, তেওঁলোকৰ সুখ কিম্বা দুখ সকলোবোৰৰ বহিঃপ্ৰকাশৰ ভাষাবোৰ অন্য সাধাৰণ নাৰীতকৈ পৃথক৷ তেওঁলোকৰ জীৱনযাত্ৰাত শিল্প, স্থাপত্যৰ গুৰুত্ব, কাপোৰৰ গুৰুত্ব, অলংকাৰৰ ডিজাইন সকলোবোৰ আছে৷ কিন্তু এগৰাকী সাধাৰণ নাৰীৰ জীৱনত আপুনি সেয়া নেদেখিব৷ ৰহস্যময় নাৰীসকল প্ৰকৃততে গণিকা, নৰ্তকী, পতিতাসকল শিল্পৰ পূজাৰী৷’
সঞ্জয় লীলা ভাঞ্চালীয়ে নিজৰ দৃষ্টিকোণ বুজাবলৈ গৈ কয়, ‘আমি কোন? আমি শিল্পী৷ আপোনালোকে তেওঁলোকক যি নামেই নিদিয়ক কিয় আমাৰ কিন্তু তেওঁলোককেই প্ৰয়োজন হয়৷ আমাক সদায়ে ৰহস্যময় নাৰীৰেই প্ৰয়োজন হয়৷ মই স্কুললৈ যাওতেওঁ বাটত যদি নৰ্তকী বা যৌনকৰ্মী দেখো মই আকৃষ্ট হৈ গৈছিলো৷ তেতিয়াও বাটত চিলিণ্ডাৰৰ বাবে শাৰী পতা মহিলা মোৰ চকুত পৰা নাছিল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ