• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

2 years ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

4 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

5 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

5 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

6 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

6 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

7 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

8 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

8 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

9 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

10 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

editor by editor
May 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও
0
SHARES
699
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুত এখন নিৰ্বাচনী সভাত আত্মঘাতী বোমাৰুৰ আক্ৰমণত ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল৷ চেন্নাইৰ সমীপৰ শ্ৰীপেৰুম্বুদুৰত মানৱ বোমাৰুৱে তেওঁক হত্যা কৰিছিল। হত্যাকাণ্ডৰ দুদিনলৈকে কোনে কি উপায়েৰে এই হত্যাকাণ্ড সংঘটিত কৰিলে বিচাৰি উলিয়াব পৰা নাছিল৷ দুদিনীয়া জোৰদাৰ তদন্তৰ অন্তত তদন্তকাৰী দলে বিচাৰি উলিয়াই কেনেকৈ হত্যা কৰা হৈছিল ৰাজীৱ গান্ধীক৷

এই হত্যাকাণ্ড এগৰাকী মহিলাই সংঘটিত কৰা বুলি তদন্তৰ অন্তত ঘোষিত হয়৷ মানৱ বোমাৰুৱে কঁকালত বান্ধি আনিছিল বোমাটো৷ ৰাজীৱ গান্ধীৰ ভৰি চুবলৈ কুঁজা হওঁতেই বোমা বিস্ফোৰণ হয়৷ লগে লগেই থিতাতে মৃত্যুক সাবটে হত্যাকাৰীকে ধৰি ১৮জন ব্যক্তিয়ে৷ হত্যাকাণ্ডৰ গোচৰত আদালতে ২৬ জন দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কিন্তু ১৯৯৯ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ১৯টা দোষীক দোষমুক্ত কৰে। বাকী থকা ৭ অভিযুক্তৰ ভিতৰত চাৰিজন (নালিনী, মুৰুগান ওৰফে শ্ৰীহৰণ, সন্থান আৰু পেৰাৰিভালন)ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়৷ ৰবিচন্দ্ৰন, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰে যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰে।

তাৰমাজতে এগৰাকী অপৰাধী নলিনী শ্ৰীহৰণে ২০২৩ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে৷ ৩১ বছৰৰ অন্তত মুক্তি লাভ কৰিলে নলিনী শ্ৰীহৰণে৷ জে’লত একাধিকবাৰ অনশন কৰিছিল নলিনীয়ে৷ দাবী, ৰাজীৱ গান্ধীক হত্যা কৰাত তেওঁ কোনো ভূমিকা নাই৷ তেওঁ নিৰ্দোষী৷  উচ্চতম ন্যায়ালয়ে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ সময় শেষ হোৱা বুলি উল্লেখ কৰাৰ পাছতেই মুকলি আকাশৰ তললৈ আহে নলিনী৷  কাৰাগাৰৰ পৰা ওলাই আহিয়েই নলিনীয়ে কেইবাটাও সাক্ষাৎকাৰ দিয়ে৷ নলিনীয়ে তেওঁৰ সাক্ষাৎকাৰত কয় যে, ৰাজীৱ গান্ধীক হত্যা কৰাত তেওঁৰ কোনো ভূমিকা নাছিল৷ তেওঁ একেবাৰেই নিৰ্দোষী৷ তেওঁৰ স্বামী মুৰুগানৰ কেইগৰাকীমান বন্ধুৰ সৈতে তেওঁৰ যোগাযোগ আছিল৷ সেয়ে যোগাযোগৰ বাবেই তেওঁকো হত্যাকাৰী সজোৱা হ’ল। নলিনীয়ে কয়, ‘মই জানো মই নিৰ্দোষী৷ কিন্তু মোক দোষী সজোৱা হ’ল৷ মোৰ বিবেকে মোক জানে৷ মোৰ স্বামীৰ কেইজনমান বন্ধুৰ বাবেই মই সাঙোৰ খাই পৰিলো৷ অন্য বিশেষ একো কথা নাই কেৱল তেওঁলোকৰ সৈতে দোকান, বজাৰ, মন্দিৰ, চিনেমা হল আদিত কেতিয়াবা একেলগে আমি গৈছিলো৷ তেওঁলোকে আমাক সহায়ো কৰিছিল৷’

ইয়াৰোপৰি নলিনীয়ে কয়, ‘মোক ৭ বাৰ মৃত্যুদণ্ডৰ আদেশ দিছিল।’ ৭ বাৰকৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে নলিনী। তাৰ পিছতেই মৃ্ত্যুদণ্ডৰ পৰা ৰেহাই পাই যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হ’ল নলিনীক। ২০০১ চনত নলিনীৰ মৃত্যুদণ্ড হ্ৰাস কৰে উচ্চতম ন্যায়ালয়ে। ২০০১ চনৰ পূৰ্বে ৭ বাৰকৈ কাৰাগাৰৰ সেই অন্ধকাৰ কুঠৰীত নলিনীয়ে লাভ কৰিছিল মৃত্যুদণ্ডৰ আদেশপত্ৰ। শেষলৈ ছনিয়া গান্ধীয়ে এই হত্যাকাণ্ডৰ হস্তক্ষেপ কৰি নলিনীক মৃত্যুদণ্ড দিয়াৰ পৰিবৰ্তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ বাবে আবেদন জনাই।

কোন আছিল নলিনী শ্ৰীহৰণ?

চেন্নাইৰ এখন মহাবিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক আছিল নলিনী। নলিনীৰ পিতৃ আছিল এগৰাকী আৰক্ষী। মাতৃ আছিল এখন ব্যক্তিগত হাস্পতালৰ নাৰ্ছ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নলিনীয়েও এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈছিল। নলিনীৰ পৰিয়ালৰ কোনো লোকেই ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল। নলিনীৰ ভাতৃৰে কেৱল সম্পৰ্ক আছিল মুৰগানৰ। সেই সূত্ৰেই নলিনীৰ সৈতে ৰাজীৱ গান্ধীক হত্যা কৰা অন্যতম অভিযুক্ত মুৰগানৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। ১৯৯১ চনত ২১ মেত তামিলনাডুৰ এখন নিৰ্বাচনী সভাত আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হয় ৰাজীৱ গান্ধী। শ্ৰী পেৰমবুদুত সংঘটিত হৈছিল এই দুৰ্বিসহ ঘটনা। সেই জনসভাতেই ৰাজীৱ গান্ধীৰ থিতাতে মৃত্যু হয়। এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰা হয় মুৰগান, নলিনীসহ মুঠ ৬ জনকৈ লোকক। প্ৰথমেই অপৰাধৰ বাবে জীৱিত অপৰাধী নলিনীক মৃত্যুদণ্ড বিহাৰ কথা ঘোষণা কৰে আদালতে। কিন্তু সেইবাৰ মৃত্যুদণ্ডৰ আদেশ স্থগিত ৰখা হ’ল। ৰাজীৱ গান্ধীক হত্যা কৰা আত্মঘাতী বোমাৰুগৰাকী আছিল ধানু নামৰ এগৰাকী মহিলা। লিবাৰেল টাইগাৰ্ছ অফ তামিল ইলমৰ সদস্য আছিল ধানু। নিৰ্বাচনী জনসভাত ফুলৰ মালাত বম বান্ধি নিছিল ধানুৱে। কেইটামান চেকণ্ড তাৰ পিছতেই চিটিকি গৈছিল ৰাজীৱ গান্ধী ধানুকে ধৰি কেইবাগৰাকী ব্যক্তিৰ শৰীৰ। শ্ৰীলংকাৰ পৰা নৌপথেৰে আহিছিল ধানুসহ ৰাজীৱ গান্ধীক হত্যাৰ পৰিকল্পনা কৰা বিশেষ দলটো।

কিয় ৰাজীৱ গান্ধীক মৰাৰ পৰিকল্পনা কৰিছিল দলটোৱে?

এলটিটিৰ প্ৰধান ভেল্লুপিল্লাই প্ৰভাকৰণ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড। শ্ৰীলংকাৰ গৃহযুদ্ধ বন্ধ কৰাৰ লক্ষ্যেৰে ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈ ভাৰতীয় শান্তিৰক্ষা বাহিনী শ্ৰীলংকাত মোতায়েন কৰা হৈছিল। ১৯৮৭ চনত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হোৱা চুক্তিত শ্ৰীলংকাৰ তামিল জাতিয়তাবাদী বিদ্ৰোহীদলসমূহ বিশেষকৈ এলটিটিইক শেষ কৰাৰ পৰিকল্পনা কৰিছিল ভাৰতীয় সেনাই। ভাৰত চৰকাৰৰ প্ৰকৃত লক্ষ্য আছিল ভাৰতীয় শান্তি ৰক্ষা বাহিনীয়ে শ্ৰীলংকাত এই জাতিয়তাবাদী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযান চলাব। শ্ৰীলংকালৈ সেনা পঠিওৱাৰ যোঁ-জা চলাইছিল ৰাজীৱ গান্ধীয়ে। ১৯৯০ চনৰ ২১ আগষ্টত ৰাজীৱ গান্ধীয়ে দ্যা চানডে নামৰ সংবাদ পত্ৰত এটা সাক্ষাৎকাৰ দিয়ে। তাত তেওঁ কৈছিল,’পৰবৰ্তী নিৰ্বাচনত যদি তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হয় তেন্তে শ্ৰীলংকালৈ আৰু সেনা পঠিওৱা হ’ব।’ এই সাক্ষাৎকাৰটো প্ৰকাশ হোৱাৰ পাছতেই এলটিটিইৰ সদস্যসকল আৰু সক্ৰিয় হৈ উঠে। সংগঠনটোৰ সদস্যই প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক মৰাৰ পৰিকল্পনা কৰিবলৈ লয়। এই বিদ্ৰোহী দলটোৰেই সদস্য আছিল নলিনীৰ স্বামী মুৰগান। সেই সূত্ৰতেই ৰাজীৱ গান্ধীৰ হত্যাত সাঙুৰ খাই পৰিল নলিনীৰ নাম। হত্যাকাণ্ডৰ সময়ত সেই স্থানত উপস্থিত থকা বেছিসংখ্যকৰেই মৃত্যু ঘটিছে। নলিনীয়েই একমাত্ৰ বাচি যায় এই ঘটনাত। নিহত এজন ফটোগ্ৰাফাৰৰ কেমেৰাত নলিনী সেই স্থানত উপস্থিত থকাৰ দৃশ্য ৰৈ যায়। সেই ফটোগ্ৰাফৰ ভিত্তিতেই বিচাৰ চলিল নলিনীৰ ওপৰত।

কাৰাগাৰতেই মাতৃ হৈছিল নলিনী, ক’ত আছে নলিনীৰ সন্তান?

গ্ৰেপ্তাৰৰ সময়ত নলিনী অন্তঃসত্ত্বা আছিল। ১৯৯২ চনত কাৰাগাৰতেই মুৰগান আৰু নলিনীৰ আশাটোৱে পোখা মেলিল। নলিনীয়ে জন্ম দিয়ে এগৰাকী কন্যা সন্তান। কন্যা সন্তানটি কাৰাগাৰতেই একলা দুকলাকৈ বাঢ়ি দুবছৰত ভৰি দিওতে মাতৃৰ বুকুৰ পৰা কন্যাক আঁতৰাই দিয়া হয়। কাৰাগাৰৰ বাহিৰত উপযুক্ত শিক্ষা-দীক্ষাৰে শিক্ষিত কৰাৰ বাবেই লৈ অনা হয় নলিনীৰ কন্যা হৰিথ্ৰাক। হৰিথ্ৰাক লৈ যোৱাৰ পাছৰে পৰাই নলিনীৰ বুকুত এটাই হেঁপাহ কন্যাক চোৱাৰ হেপাহ। প্ৰতিদিনেই সেই আশাতেই জী থাকিল নলিনী। হৰিথ্ৰা এতিয়া ব্ৰিটেইনৰ এগৰাকী প্ৰতিষ্ঠিত চিকিৎসক। বৰ্তমান ব্ৰিটেইনৰ বাসিন্দা হৰিথ্ৰা। কন্যা ব্ৰিটেইনত থকাৰ খবৰ কাৰাগাৰত থকাৰ সময়তে লাভ কৰিছিল মাতৃ নলিনীয়ে। কাৰাবন্দিত্ব শেষ হোৱাৰ পাছতেই নলিনীয়ে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত জীয়াৰীৰ কথাও প্ৰকাশ কৰিছিল। হৰিথ্ৰাৰ কাষতেই জীৱনৰ বাকীচোৱা কাল কটাব খোজে বুলিও কৈছিল  নলিনীয়ে। কন্যাই নলিনীৰ কথা পাহৰি গলেও অৱশেষত নলিলী কন্যাৰ কাষ পালেগৈ৷

দুবছৰ বয়সতেই মাতৃৰ পৰা বিচ্ছিন্ন হৰিথ্ৰা এতিয়া প্ৰাপ্তবয়স্ক এগৰাকী যুৱতী। উল্লেখ্য যে, কাৰাগাৰৰ সেই দুৰ্বিসহ সময়বোৰত জীয়াৰীৰ আশাইতো জীয়াই থাকিবলৈ সাহস দিছিল নলিনীক। আত্মহত্যাৰো চেষ্টা চলাই বাৰে বাৰে আশাবোৰৰ বাবেই বিফল হৈছিল নলিনী। অৱশেষত আকাংশিত সেই বিশেষ দিনটো নলিনীৰ জীৱনলৈ আহিল। নলিনী এতিয়া কন্যাৰ কাষত ব্ৰিটেইনতেই আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ নলিনীৰ কন্যাক এগৰাকী সু নাগৰিক হিচাপে গঢ়ি তোলাত ৰাজীৱ গান্ধীৰ পত্নী তথা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰেই আছিল প্ৰধান ভূমিকা বুলিও এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল নলিনী শ্ৰীহৰণে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক
বাণিজ্য

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

July 12, 2026
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!
বিনোদন

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

July 12, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
বাণিজ্য

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

July 12, 2026
Next Post
বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.