অসম লাইভ২৪ঃ আগন্তুক ১৪ ফেব্ৰুৱাৰীত পালিত হ’ব সৰস্বতী পূজা। ধৰ্মীয় বিশ্বাস অনুসৰি ব্ৰহ্মাৰ মুখৰ পৰাই জন্ম হৈছিল সৰস্বতীৰ। স্বৰ্গত নহয়, মৰ্ত্যতেই প্ৰথম আবিৰ্ভাৱ হৈছিল সৰস্বতীৰ। উত্তৰাখণ্ডৰ মানা গাওঁত সৰস্বতীৰ সন্ম হৈছিল বুলি প্ৰচলিত বিশ্বাস। উত্তৰাখণ্ডৰ এই গাওঁ সম্পৰ্কে বহুতেই নাজানে। যোশীমঠৰ পৰা ৫০ কিঃমিঃ দূৰত্বত মানা গাওঁ অৱস্থিত। এইখন গাঁৱেই ভাৰতৰ শেষ গাওঁ। ধৰ্মীয় দিশৰ পৰা এই গাওঁ অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ এই গাওঁতেই জন্ম হৈছিল দেৱী সৰস্বতীৰ। পুৰাণ অনুসৰি সৃষ্টিৰ আৰম্ভণিতে এই মানা গাঁওতেই ব্ৰহ্মাৰ মুখ গহ্বৰৰ পৰা আৰ্ৱিৰ্ভাৱ হৈছে দেৱী সৰস্বতীৰ।
সৰস্বতীৰ জন্ম
মহাভাৰততো মানা গাওঁৰ কথা উল্লেখ আছে। এই গাওঁৰ পৰাই স্বৰ্গলৈ যোৱা পথ আছে বুলি বিশেষজ্ঞসকলে দাবী কৰে। মহাভাৰত অনুসৰি মানা গাঁৱৰ পৰা মহাপ্ৰস্থানৰ পথত গমন কৰিছিল পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে। মানা গাঁৱেৰেই বৈ আহিছে সৰস্বতী নদী। এই সৰস্বতী নদীৰে দ্ৰৌপদীয়ে পাৰ হ’বলৈ ভীমে এক বিশাল শিলেৰে সেঁতু নিৰ্মাণ কৰি দিছিল। সেয়ে মানা গাওঁতেই আছে বিশেষ ভীম সেতু। সৰস্বতী নদীৰ ওপৰেৰে এক বিশালকায় শিল আছে আৰু সেই শিলতেই ২০ ফুট দীঘল ভৰিৰ ছাপ আছে। সেই ছাপ ভীমৰ ভৰিৰ ছাপ বুলি বহুতে দাবী কৰে।
মহাভাৰতৰ মানা গাওঁ
মহামতি ব্যাসদেৱে মানা গাঁৱেৰে সৰস্বতী নদীত গা ধুই মহাভাৰত আৰু পুৰাণ ৰচনা কৰিছিল। মহাভাৰতৰ নিদৰ্শন আজিও এই মানা গাওঁত পোৱা যায়। মানা গাওঁত ব্যাস গুহা আছে। গুহাত বহিয়েই চতুৰ্বেদ ৰচনা কৰিছিল মহামতি ব্যাসদেৱে। এই কাৰণতেই ব্যাস পুস্তক নামেৰেও পৰিচিত এই গুহা। মানা গাওঁত আছে গণেশ গুহাও। প্ৰচলিত বিশ্বাস অনুসৰি এই গুহাতেই বহি ব্যাসদেৱৰ পৰা শুনি মহাভাৰত লিপিবদ্ধ কৰিছিল গণেশে।
দেশৰ শেষ গাওঁ
উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত এই গাওঁ ছবিৰ দৰেই সুন্দৰ। পাহাৰীয়া এই গাওঁত সমুদ্ৰতল পৰা ৩১১৫ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ সৌন্দৰ্য আৰু ধৰ্মীয় আকৰ্ষণে বহু পৰ্যটকক এই স্থানলৈ আহিবলৈ উদগনি জগাই। বদ্ৰীনাথ ধামলৈ যিসকল দৰ্শনৰ বাবে যায় তেওঁলোকে প্ৰায়েই মানা গাঁৱলৈকো যায়। বদ্ৰীনাথৰ পৰা ৩কিঃমিঃ দূৰত্বত এই গাওঁ অৱস্থিত। মানা গাওঁতেই আছে দেশৰ শেষখন চাহ দোকান। এই চাহ দোকানো খুবেই জনপ্ৰিয়। এই গাওঁৰ প্ৰাকৃতিক দৃশ্যৰ বাবেই স্বৰ্গত উপস্থিত হোৱা যেন অনুভৱ হয়। এই গাওঁৰ পৰাই স্বৰ্গ যোৱাৰ পথ আৰম্ভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ