• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

2 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 hour ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

6 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

8 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

editor by editor
September 19, 2023
in জীৱনশৈলী, লেখা
0
‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কয়, ভাদমহীয়া ৰ’দ৷ এই ৰ’দে অশান্ত কৰাৰ সময় ঠেলি আহিনৰ প্রথমজাক বৰষুণে চুই গ’ল ৰাজ্যবাসীক৷ আকাশৰ কলীয়া ডাৱৰ আঁতৰি মন চুই যোৱা শুকুলা ডাৱৰে ভুমুকি মাৰিছে৷ দুৰণিত যেন দীঘলীয়া এখন শুকুলা চাদৰ৷ যেন কোনোবা শিপিনীয়ে তাঁতৰ পৰা কাটি মেলিহে থৈছে৷ আহিনৰ আকাশৰ মোহনীয় ৰূপ দেখিয়েই হয়তো বিশ্ব বিশ্রুত গায়ক ভূপেন হাজৰিকাই গাইছিল,

‘কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি৷
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উলটি…’

আজি পহিলা আহিন৷ এয়া কুঁৱলী পৰাৰ সময়৷ কুঁৱলী পৰিবলৈ আৰম্ভ কৰিছে৷ দুৱৰী বনত, গছৰ পাতত আজিৰে পৰা লাগি থাকিব টোপ টোপ নিয়ৰ৷ তাত সুৰুযৰ পোহৰ পৰি মুকুতা সদৃশ হৈ জিলিকি থাকিব৷ সমগ্র পৰিবেশটোৱে সলনি হ’ব৷ দুৱৰীত দুভৰি থলে ভৰি তিতিব৷ শেৱালীয়ে হাঁহিব৷ আহিনৰ এই ৰূপত ভুল গৈয়েই কবি হীৰুদাই লিখিছিল, ‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’

এই নিয়ৰে ধৰিত্রীৰ বুকুলৈ নমাই আনিব এক বাতানুকুল পৰিবেশ৷ গৰমৰ ছটফটাই থকা দিনবোৰ নোহোৱা হ’ব৷ প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানে ধৰিত্ৰীৰ বুকুৰ পৰা সকলো মলি ধুই নিকা কৰি যোৱাৰ দুটিমান ক্ষণৰ পাছতেই শৰতে ভুমুকি মাৰিছেই৷ বাৰিষাৰ বোকোচাত উঠি অহা শৰতৰ আগমনে আৱাল-বৃদ্ধ-বনিতাৰ দেহ মনত নৱ-যৌৱনৰ হেন্দোলনি তুলি সৰ্বত্ৰে মানুহৰ খেয়ালী মনত নতুন অনুভূতি জগাই তুলিছে৷

শৰৎ মানেই শেৱালীৰ সুবাস, আহিনৰ কুৱঁলি, শ্যামলী পথাৰৰ মৃদু মলয়া, কৰম পুজাৰ মাদলৰ ছন্দত প্ৰাণ পাই উঠা বুধুৱা-মিনিহঁতৰ হেঁপাহ৷ চোতালৰ দুৱৰিত সূৰ্যৰ পোহৰত চিকমিকাই উঠা মুকুতাবোৰেও বতৰা দিলেহি শাৰদীয় ঋতু আগমনৰ৷ শৰতৰ এই নিয়ৰসিক্ত সেমেকা ৰাতিৰ কোনোবা ক্ষণতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল “শাৰদী ৰাণী তোমাৰ হেনো নাম…’’

হয়তো ভূপেন হাজৰিকাৰো প্ৰিয় ঋতু আছিল শৰৎ৷ কৃষকৰ হেপাঁহৰ সেউজীয়া ৰঙৰ চাদৰখনেও বতাহৰ সতে ছন্দ মিলাই ককাঁল ভাঙি ভাঙি হালি জালি নাচি বাগি শৰতক স্বাগতম জনাইছে৷ওৰেটো জীৱন এটি কলি দুটি পাতৰ চিঙি চিঙি শিৰিখৰ ছাঁত জিৰণি লৈ ভাগৰুৱা দেহাৰে পুনৰ মাদলৰ তালে তালে ঝুমুৰ নচা লচমীজনীৰ ওঁঠত হাঁহি বিৰিঙাই দিয়া শৰত এয়া৷ ঢাক, ওজাপালিৰ মাতেৰে মুখৰিত হৈ উঠা শৰৎ এয়া৷ বুকুৰ পথাৰত সেউজীয়া বিলাই ভৰুণ হোৱা শৰত এয়া৷

শৰত মানেই দেৱী দূৰ্গাৰ শক্তিৰ এচমকা চমকনি৷ ন ৰূপেৰে আকৌ এবাৰ বেলুন, পেঁপাই উমলিব আহিনৰ নঙলাত৷ শৰত মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ৷ শৰতৰ বুকুতে কবিতা, শৰত মানে শিৰাই শিৰাই প্ৰবাহিত হৈ থকা অফুৰন্ত উলাহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.