• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

6 days ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

17 hours ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

18 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

19 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

20 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

23 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

23 hours ago
এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

1 day ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

3 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

3 days ago
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

3 days ago
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

3 days ago
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

3 days ago
  • About
  • Advertise
  • Careers
Monday, September 25, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

editor by editor
September 19, 2023
in জীৱনশৈলী, লেখা
0
‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কয়, ভাদমহীয়া ৰ’দ৷ এই ৰ’দে অশান্ত কৰাৰ সময় ঠেলি আহিনৰ প্রথমজাক বৰষুণে চুই গ’ল ৰাজ্যবাসীক৷ আকাশৰ কলীয়া ডাৱৰ আঁতৰি মন চুই যোৱা শুকুলা ডাৱৰে ভুমুকি মাৰিছে৷ দুৰণিত যেন দীঘলীয়া এখন শুকুলা চাদৰ৷ যেন কোনোবা শিপিনীয়ে তাঁতৰ পৰা কাটি মেলিহে থৈছে৷ আহিনৰ আকাশৰ মোহনীয় ৰূপ দেখিয়েই হয়তো বিশ্ব বিশ্রুত গায়ক ভূপেন হাজৰিকাই গাইছিল,

‘কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি৷
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উলটি…’

আজি পহিলা আহিন৷ এয়া কুঁৱলী পৰাৰ সময়৷ কুঁৱলী পৰিবলৈ আৰম্ভ কৰিছে৷ দুৱৰী বনত, গছৰ পাতত আজিৰে পৰা লাগি থাকিব টোপ টোপ নিয়ৰ৷ তাত সুৰুযৰ পোহৰ পৰি মুকুতা সদৃশ হৈ জিলিকি থাকিব৷ সমগ্র পৰিবেশটোৱে সলনি হ’ব৷ দুৱৰীত দুভৰি থলে ভৰি তিতিব৷ শেৱালীয়ে হাঁহিব৷ আহিনৰ এই ৰূপত ভুল গৈয়েই কবি হীৰুদাই লিখিছিল, ‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’

এই নিয়ৰে ধৰিত্রীৰ বুকুলৈ নমাই আনিব এক বাতানুকুল পৰিবেশ৷ গৰমৰ ছটফটাই থকা দিনবোৰ নোহোৱা হ’ব৷ প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানে ধৰিত্ৰীৰ বুকুৰ পৰা সকলো মলি ধুই নিকা কৰি যোৱাৰ দুটিমান ক্ষণৰ পাছতেই শৰতে ভুমুকি মাৰিছেই৷ বাৰিষাৰ বোকোচাত উঠি অহা শৰতৰ আগমনে আৱাল-বৃদ্ধ-বনিতাৰ দেহ মনত নৱ-যৌৱনৰ হেন্দোলনি তুলি সৰ্বত্ৰে মানুহৰ খেয়ালী মনত নতুন অনুভূতি জগাই তুলিছে৷

শৰৎ মানেই শেৱালীৰ সুবাস, আহিনৰ কুৱঁলি, শ্যামলী পথাৰৰ মৃদু মলয়া, কৰম পুজাৰ মাদলৰ ছন্দত প্ৰাণ পাই উঠা বুধুৱা-মিনিহঁতৰ হেঁপাহ৷ চোতালৰ দুৱৰিত সূৰ্যৰ পোহৰত চিকমিকাই উঠা মুকুতাবোৰেও বতৰা দিলেহি শাৰদীয় ঋতু আগমনৰ৷ শৰতৰ এই নিয়ৰসিক্ত সেমেকা ৰাতিৰ কোনোবা ক্ষণতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল “শাৰদী ৰাণী তোমাৰ হেনো নাম…’’

হয়তো ভূপেন হাজৰিকাৰো প্ৰিয় ঋতু আছিল শৰৎ৷ কৃষকৰ হেপাঁহৰ সেউজীয়া ৰঙৰ চাদৰখনেও বতাহৰ সতে ছন্দ মিলাই ককাঁল ভাঙি ভাঙি হালি জালি নাচি বাগি শৰতক স্বাগতম জনাইছে৷ওৰেটো জীৱন এটি কলি দুটি পাতৰ চিঙি চিঙি শিৰিখৰ ছাঁত জিৰণি লৈ ভাগৰুৱা দেহাৰে পুনৰ মাদলৰ তালে তালে ঝুমুৰ নচা লচমীজনীৰ ওঁঠত হাঁহি বিৰিঙাই দিয়া শৰত এয়া৷ ঢাক, ওজাপালিৰ মাতেৰে মুখৰিত হৈ উঠা শৰৎ এয়া৷ বুকুৰ পথাৰত সেউজীয়া বিলাই ভৰুণ হোৱা শৰত এয়া৷

শৰত মানেই দেৱী দূৰ্গাৰ শক্তিৰ এচমকা চমকনি৷ ন ৰূপেৰে আকৌ এবাৰ বেলুন, পেঁপাই উমলিব আহিনৰ নঙলাত৷ শৰত মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ৷ শৰতৰ বুকুতে কবিতা, শৰত মানে শিৰাই শিৰাই প্ৰবাহিত হৈ থকা অফুৰন্ত উলাহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?
জীৱনশৈলী

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

September 24, 2023
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?
ভাৰত

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

September 24, 2023
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ
জীৱনশৈলী

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

September 24, 2023
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক
ভাৰত

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

September 22, 2023
Next Post
মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

মাত্ৰ ৪৮ ঘণ্টা, হাড়কঁপোৱা ঠাণ্ডাত চন্দ্ৰৰ বুকুত আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞান? মুখ খুলিছে ইছৰোৰ বিজ্ঞানীয়ে

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.