অসম লাইভ২৪ঃ ‘নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব৷ নিজৰ পদবীক লৈ অহংকাৰ নকৰিব৷ পদবী আজি আছে, কালি নাই সমাজ সদায়ে থাকিব’ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এটা ভাষণক লৈ ৰাজ্যজুৰি চলিছে চৰ্চা৷ কাক লক্ষ্য কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে?
সৰ্বানন্দ সোনোৱালে ভাষণৰ আৰম্ভনিতেই ৰাজনীতিৰ পাঠ আওৰাই বহুকেইটা গুৰুত্বপূৰ্ণ কথাই দাঙি ধৰে৷ ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘সমাজখনক শীৰ্ষত ৰাখিব লাগিব, পদবী সদায়ে ভৰিৰ তলত৷ সমাজ সদায়ে শ্ৰেষ্ঠ৷ সমাজ ঈশ্বৰৰ সৃষ্টি৷ ঈশ্বৰে কেতিয়াবা কাৰোবাক কিবা কাৰণত পদবী এটা দিছে কিন্তু পদবী পায় সমাজক অৱজ্ঞা নকৰিব৷ ৰাজনীতিক এনে পৰ্যায়লৈকো নিনিব য’ত সমাজখন চূৰ্ণ-বিচূৰ্ণ হয়৷ ৰাজনীতি সদায়ে এনেকুৱা হ’ব লাগে য’ত সদায়ে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয়৷ তাহানিতে এটা কথা আছিল, ৰাজনীতিয়ে ভাঙে, সংস্কৃতিয়ে গঢ়ে৷ সংস্কৃতিৰ এই শক্তি আছে৷ সকলো জাতি, জনগোষ্ঠী ভাষা সংস্কৃতি একতাৰে থাকিলেহে সমাজৰ উন্নতি হ’ব৷ একতাত যি শক্তি আছে, ভাগ ভাগকৈ থাকিলে সেই শক্তি নাথাকে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ