কাইলৈ ১ ফেব্ৰুৱাৰী ২০২৫ শনিবাৰে চন্দ্ৰই কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ কাইলৈ পুৱা ১১ বাজি ৩৮ মিনিট পৰ্যন্ত তৃতীয়া থাকিব৷ তাৰপাছতেই মাঘ শুক্লা চতুৰ্থী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব পূৰ্ব ভাদ্ৰপদ আৰু পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ দিনটো শিৱ যোগৰ প্ৰভাৱত শুভ ফলদায়ী হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ মনত ভৰপুৰ আনন্দ থাকিব৷ ব্যৱসায়ীসকলে কাইলৈ কৰ্মসূত্ৰে দূৰৈত ফুৰিবলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ ভাল চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷
কৰ্কট ৰাশি
কাইলৈ শিৱ যোগত মহাদেৱৰ আশীৰ্বাদত ভাল কিছু ঘটিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ কোনো শুভ অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ কাইলৈ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ চৰকাৰৰ পৰা কাইলৈ কোনো সন্মান পাব পাৰে৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব৷ কাইলৈ কৰ্কট ৰাশিৰ জাতকৰ মনত শান্তিয়ে বিৰাজ কৰিব৷
সিংহ ৰাশি
শনিবাৰে দিনটো আনন্দেৰে কটাব সিংহ ৰাশিৰ জাতকে৷ প্ৰতিবেশীৰ সৈতে চলা পুৰণি বিবাদৰ অৱসান ঘটিব৷ শিৱ যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ৷ বাহিৰৰ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ কাইলৈ বেছ কিছু অৰ্থ আপুনি সঞ্চয় কৰিব পাৰে৷
কন্যা ৰাশি
কাইলৈ মাঘৰ শুক্লা তৃতীয়া শনিৰ আশীৰ্বাদত মনত সুখ আৰু শান্তি বৰ্তি থাকিব কন্যা ৰাশিৰ জাতকৰ৷ আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ তেওঁলোকৰ স্বাস্থ্যক লৈ আপোনাৰ মনত যি দুশ্চিন্তা আছে সেয়া দূৰ হ’ব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে কাইলৈ দূৰ হ’ব৷ কাইলৈ শনিবাৰে নতুন সম্পত্তি লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক লাভ হ’ব পাৰে৷
মকৰ ৰাশি
কাইলৈ শনিবাৰে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱত মনত সাহস বহুপৰিমানে বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰপৰা ভাল লাভ পাব৷ পেছাগত জীৱনত কোনো দৰকাৰী বিষয়ত ছিনিয়ৰৰ সাহায্য পাব৷ নতুন বাহন ক্ৰয়ৰ কথা ভাৱিলে এই বিষয়ে কাইলৈ কথাবাৰ্তা আগবাঢ়িব পাৰে৷ মকৰ ৰাশিৰ জাতকৰ ঘৰলৈ বিশেষ অতিথিৰ আগমনো হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ