মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি
জ্যোতিষ শাস্ত্ৰৰ মতে বৰ্তমান মংগল গ্ৰহ মেষ ৰাশিত অৱস্থিত। ১২ জুলাইলৈ মংগল গ্ৰহ মেষ ৰাশিত থাকিব। মংগল গ্ৰহ মেষ ৰাশিত থকাৰ বাবে শনিৰ তৃতীয় দৃষ্টি ইয়াৰ ওপৰত পৰিছে। মংগল গ্ৰহত শনিৰ দৰ্শন অতি বিপদজনক বুলি গণ্য কৰা হয়। যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত পৰে। ইয়াৰ দ্বাৰা কিছুমানৰ ওপৰত নেতিবাচক প্ৰভাৱ আৰু আন কিছুমানৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। কিন্তু ৫টা ৰাশি আছে যাৰ ওপৰত শনি গ্ৰহৰ এই তৃতীয়টো দৰ্শন অতি বিপদজনক হ’ব।
কৰ্কট ৰাশি-
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টিয়ে কৰ্কট ৰাশিৰ লোকসকলক নেতিবাচক ফল দিয়ে। এই সময়ছোৱাত ব্যৱসায়ত লোকচানৰ প্ৰবল সম্ভাৱনা থাকে। আৰ্থিক লোকচান হ’ব পাৰে। কেৰিয়াৰত উত্থান-পতন হ’ব পাৰে। এই সময়ছোৱাত ধৈৰ্য্য ধৰিব লাগিব।
কন্যা ৰাশি-
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টিৰ বাবে কন্যা ৰাশিৰ লোকে অধিক কষ্ট কৰিব লাগিব আৰু কম ফলাফল পাব। কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, সময়বোৰ ইতিবাচক হৈ পৰালৈ অপেক্ষা কৰক। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচে অসুবিধাৰ সৃষ্টি কৰিব পাৰে কাৰ্যালয়ত বিবাদ হ’ব পাৰে। এই সময়ত কম কথা কোৱা ভাল।
তুলা ৰাশি-
মংগল গ্ৰহত শনি গ্ৰহৰ তৃতীয় দৰ্শনে তুলা ৰাশিৰ লোকক নেতিবাচক ফলাফল দিব। এই সময়খিনি ধৈৰ্য্যৰে ল’ব লাগিব। সম্পত্তি সম্পৰ্কীয় বিষয়ৰ বাবে বিভ্ৰান্তি বাঢ়িব পাৰে। ইয়াৰ ফলত ঘৰত উত্তেজনা বৃদ্ধি পাব। অবিবাহিত মানুহে বিয়াৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব।
বৃশ্চিক ৰাশি-
অহা ২০ দিন বৃশ্চিক ৰাশিৰ লোকৰ বাবে কঠিন। সমস্যা আহিবই কিন্তু সম্পূৰ্ণ সাহসেৰে মুখামুখি হোৱা উচিত। আপোনাৰ কেৰিয়াৰত কিছু হতাশাজনক প্ৰস্তাৱ বা খবৰ পাব পাৰে। এই সময়ছোৱাত বিবাদৰ পৰা আঁতৰি থকাটোৱেই উত্তম সমাধান।
মকৰ ৰাশি-
মকৰ ৰাশিৰ লোকৰ ওপৰত কামৰ চাপ বাঢ়িব পাৰে ইয়াৰ সহজ সমাধান হ’ল এই সময়ছোৱাত এটা এটাকৈ কাম সম্পূৰ্ণ কৰা। খৰচ বাঢ়িব পাৰে। সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। আপোনাৰ সংগীৰ লগত ভাল ব্যৱহাৰ কৰক। সৰু সৰু কথাবোৰেও ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ