বৰ্তমান সময়ত আৰ্থিক সঞ্চয়ৰ পথত সকলোতকৈ ডাঙৰ প্ৰতিবন্ধকতা হৈছে মুদ্ৰাস্ফীতি৷ সকলো বস্তুৰেই দাম দিনকদিনে বৃদ্ধি পাইছে৷ ফলত সঞ্চয়ৰ বাবে বিনিয়োগৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছে৷ বজাৰত বিনিয়োগৰ নানান বিকল্প থাকিলেও সকলোবোৰ নিৰাপদ নহয়৷ বহু ক্ষেত্ৰত কষ্টাৰ্জিত অৰ্থ লোকচানৰ ভয় থাকে৷ বহুতেই নিৰাপদ বিনিয়োগ মানে ফিক্সড ডিপজিট সেৱাকেই বুজে৷ এফ ডি বজাৰৰ সৈতে যুক্ত নহয়৷ ফলত বজাৰৰ ওঠানমাত ইয়াত কোনো প্ৰভাৱ নপৰে৷ বিনিয়োগো থাকে সম্পূৰ্ণ নিৰাপদে৷ ইয়াৰ সৈতে থাকে নিশ্চিত ৰিটাৰ্ণো৷
দেশৰ বৃহত্তম চৰকাৰী বেংক SBIত ৭ দিনৰ পৰা আৰম্ভ কৰি ১০বছৰলৈকে ম্যাদত ফিক্সড ডিপোজিট কৰিব পাৰি৷ সুদো ভাল দিয়া হয়৷ কিছু এফ ডি বিনিয়োগত আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰৰ সুবিধাও পোৱা যায়৷ যদি কোনোৱে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফিক্সড ডিপোজিট স্কিমত ১৮০ দিনৰ বাবে ৩লাখ টকা বিনিয়োগ কৰিলে ম্যাদৰ শেষত কিমান টকা ৰিটাৰ্ণ পাব? কিমান সুদ লাভ কৰিব?
SBlত ৭দিনৰ পৰা ৪৫ দিনৰ ম্যাদত ৩.৫০শতাংশ, ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ম্যাদত ৫.৫০ শতাংশ, ১৮০ দিনৰ পৰা ২১০ দিনৰ ম্যাদত ৬শতাংশ ২১১ দিনৰ পৰা ১ বছৰৰ ম্যাদত ৬.২৫ শতাংশ, ১ বছৰৰ পৰা ২ বছৰৰ ম্যাদত ৬.৮০শতাংশ, ২ বছৰৰ পৰা ৩ বছৰতকৈ কম ম্যাদত ৭ শতাংশ, ৩ বছৰৰ পৰা ৫ বছৰৰ কম ম্যাদত ৬.৭৫ শতাংশ আৰু ৫ বছৰৰ পৰা ১০ বছৰৰ ম্যাদতচ ফিক্সড ডিপজিটত ৬.৫০শতাংশ হাৰত সুদ পোৱা যায়৷
ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকক সুদ দিছে ৬.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনক ৬.৭৫শতাংশ সুদ দিছে৷ ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩ লাখ টকা জমা কৰিলে সাধাৰণ নাগৰিকৰ মেচিউৰিটিৰ সময়ত মুঠ ৩,০৯,৩১৭ টকা পাব পাৰে৷ ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩ লাখ টকা জমা কৰিলে চিনিয়ৰ চিটিজেনে মেচিউৰিটিৰ সময়ত মুঠ ৩,১০,০৬৮ টকা লাভ কৰিব৷
অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত ১৮০ দিনৰ ফিক্সড ডিপজিটত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত সাধাৰণ নাগৰিকে ৩,০৯,৩১৭ টকা আৰু চিনিয়ৰ চিটিজেনে ৩,১০,০৬৮ টকা পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ