সোণ সকলো সময়তে এক নিৰ্ভৰযোগ্য বিনিয়োগ বিকল্প হিচাপে বিবেচিত৷ বিশেষকৈ অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত সোণত বিনিয়োগ খুবেই লাভজনক৷ ২০২৫ চনত SBIয়ে গল্ড SIPৰ সুবিধা দিছে৷ এই মিউচুৱেল ফাণ্ডে আপোনাক সোণত বিনিয়োগ কৰাৰ এক সহজ আৰু শৃংখলাবদ্ধ উপায় দিছে যি দীৰ্ঘম্যাদত আপোনাৰ সম্পদ বঢ়োৱাত সহায় কৰিব৷ মাত্ৰ মাহিলী ৪০০০ বিনিয়োগ কৰিলেই আপুনি ৮০ লাখ টকাৰ এক ডাঙৰ সঞ্চয় গঢ়ি তুলিব পাৰিব৷
SBI গল্ড SIP হৈছে এনে এক বিনিয়োগ ব্যৱস্থা য’ত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ বিনিয়োগ কৰিব পাৰে এছ বি আইৰ গল্ড এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড অথৱা গোল্ড মিউচুৱেল ফাণ্ডত৷ আপোনাৰ অৰ্থ দি ডিমেট ফৰ্মত সোণ ক্ৰয় কৰা হয় যি সময়ৰ লগে লগে সোণৰ দাম বৃদ্ধিৰ ফলত মূল্যবান হৈ উঠে৷
প্ৰকৃততে সোণৰ দৰে ইয়াত সংৰক্ষণ, বিশুদ্ধতা বা নিৰাপত্তাক লৈ কোনো দুশ্চিন্তা নাই৷ ইয়াৰ সৈতে আপুনি বজাৰত সংশ্লিষ্ট ৰিটাৰ্ণো পায়, যি দীৰ্ঘ সময়ত প্ৰায়েই ফিজিকেল সোণৰ তুলনাত বেছিকৈ আয় দিয়ে৷
এছ আই পিৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে চক্ৰবৃদ্ধি৷ যদি আপুনি প্ৰতিমাহে ৪০০০ টকাকৈ ২০-২৫ বছৰ বিনিয়োগ কৰে আৰু গড়ে বাৰ্ষিক ১০-১২ শতাংশ ৰিটাৰ্ণো পায় তেতিয়া আপোনাৰ মুঠ বিনিয়োগ প্ৰায় ৮০ লাখ টকা হব পাৰে৷ ই দীৰ্ঘম্যাদি লক্ষ্যৰ বাবে এক অসাধাৰণ বিকল্প৷ যেনে অৱসৰকালীন সঞ্চয়, সন্তানৰ উচ্চশিক্ষাৰ খৰচ, অথৱা সাধাৰণ সম্পদ সঞ্চয়৷
SBI গল্ড মিউচুৱেল ফাণ্ড পেছাদাৰ ফাণ্ড মেনেজাৰসকলৰ দ্বাৰা পৰিচালিত হয়৷ ইয়াৰ ফলত আপুনি পায় স্বচ্ছতা৷ বিচাৰিলে আপুনি সহজেই আপোনাৰ এছ আই পি আৰম্ভ, বন্ধ বা কিছুদিনৰ বাবে বিৰতিও দিব পাৰে৷ ইয়াৰোপৰি সোণে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে এক প্ৰাকৃতিক ঢাল হিচাপেও কাম কৰে, যিয়ে আপোনাৰ টকাৰ ক্ৰয়ক্ষমতা বজায় ৰখাত সহায় কৰে৷
সোণৰ বিনিয়োগৰ আৰু এক গুৰুত্বপূৰ্ণ সুবিধা হৈছে বৈচিত্ৰ৷ প্ৰায়েই দেখা যায় শ্বেয়াৰ বজাৰ যেতিয়া পৰিবলৈ ধৰে তেতিয়াও কিন্তু সোণৰ দাম বাঢ়িয়েই থাকে৷ অৰ্থাৎ সোণৰ এছ আই পিয়ে আপোনাৰ বিনিয়োগ পৰ্টফলিঅক ভাৰসাম্য ধৰি ৰখাত সহায় কৰে আৰু বজাৰৰ মন্দাৰ সময়ত আপোনাৰ সম্পদক সুৰক্ষিত ৰাখে৷
যিসকলে নিৰাপদ অথচ বৃদ্ধিভিত্তিক বিনিয়োগ কৰিব খুজিছে তেওঁলোকৰ বাবে ২০২৫ চনত এছ বি আই গোল্ড এছ আই পি মিউচুৱেল ফাণ্ড এক চমৎকাৰ পছন্দ৷ মাত্ৰ মাহত ৪০০০ বিনিয়োগ কৰি আপুনি দীৰ্ঘম্যাদি ৮০ লাখ টকাৰ লক্ষ্য স্থিৰ কৰিব পাৰে৷ ইয়াৰ আঁৰত কাম কৰে সোণৰ দামৰ ধাৰাবাহিক বৃদ্ধি আৰু চক্ৰবৃদ্ধিৰ যৌথ শক্তিয়ে৷ অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত স্থিতিশীলতা বিচাৰি পাবলৈ আৰু ভৱিষ্যতে ডাঙৰ লক্ষ্য পূৰণত এছ বি আই গোল্ড এছ আই পি হব পাৰে আপোনাৰ সকলোতকৈ কাৰ্যকৰ সংগী৷ যেতিয়াই বিনিয়োগ কৰিব তেতিয়া তাৰ সমস্ত তথ্য পূৰ্বে ভালদৰে বুজি লব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















