অসম লাইভ ২৪ঃ CBSEৰ দ্বাদশ শ্ৰেণীৰ মূল্যাংকনৰ বাবে উচ্চতম ন্যায়ালয়ে অনুমোদন জনাইছে ৩০:৩০:৪০ প্ৰণালীক। কোভিড পৰিস্থিতিৰ বাবে চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ পাছতে এই বিকল্প পদ্ধতিৰে শিক্ষাৰ্থীৰ মূল্যাংকন কৰিব CBSE ব’ৰ্ডে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সদৰী কৰে এই কথা। ব’ৰ্ডে লিখিত পৰীক্ষা আৰু ব্যৱহাৰিক পৰীক্ষা দুটা পদ্ধতিৰ মাধ্যমেৰে মূল্যায়ন কৰিব শিক্ষাৰ্থীৰ নম্বৰ। মুঠ নম্বৰৰ ৩০ শতাংশ নম্বৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা লোৱা হ’ব। ৩০ শতাংশ একাদশ শ্ৰেণীৰ লিখিত পৰীক্ষাৰ পৰা লোৱা হ’ব আৰু ৪০ শতাংশ নম্বৰ দ্বাদশ শ্ৰেণীৰ ইউনিট টেষ্ট আৰু মিড টাৰ্ম পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত দিয়া হ’ব। ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু দিনেশ মহেশ্বৰীৰ বিচাৰপীঠে গ্ৰহণ কৰা এই সিদ্ধান্ত এণ্টৰ্ণি জেনেৰেল কে কে বেনুগোপালক সদৰী কৰে। দেশৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে ব’ৰ্ডে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ