এটা সময় আছিল যেতিয়া পৃথিৱীত মানুহ নাছিল, কেৱল গছ, নদী, পাহাৰ, আৰু বিভিন্ন প্ৰাণীৰ বসবাস আছিল৷ তাৰপাছতেই ধীৰে ধীৰে মানুহৰ অস্তিত্বই দেখা দিয়ে৷ তাৰপাছতেই সলনি হৈ যায় পৃথিৱীৰ মানচিত্ৰ৷ ধীৰে ধীৰে মানুহৰ জমসংখ্যা বাঢ়িব ধৰে৷ আৰু এতিয়া মানুহ ইমানেই উন্নত যে তেওঁলোকে পৃথিৱীৰ বাহিৰতো অৰ্থাৎ মহাকাশতো ভ্ৰমণ আৰম্ভ কৰিছে৷ আজি সমগ্ৰ বিশ্বত কম্পিউটাৰৰ ব্যৱহাৰ ভাৱিব নোৱাৰা হাৰত বাঢ়িছে৷ কিন্তু জানেনে কম্পিউটাৰৰ সহায়তো যে ভৱিষ্যদ্বাণী কৰিব পাৰি৷ জানিলে অবাক হ’ব আপুনি৷
কম্পিউটাৰ মডেল ব্যৱহাৰকাৰীয়ে কৰিছে ভৱিষ্যদ্বাণী
এদল বিজ্ঞানীয়ে প্ৰযুক্তি ব্যৱহাৰ কৰি জানিব পাৰিছে যে এই পৃথিৱীত কেতিয়া মানুহৰ অস্তিত্ব শেষ হ’ব৷ অৰ্থাৎ কম্পিউটাৰ মডেল ব্যৱহাৰ কৰি ভৱিষ্যদ্বাণী কৰা হৈছে৷ মাছাচুটেথ ইনষ্টিটিউট অৱ টেকনোলজিৰ বিজ্ঞানীৰ এটা দলে জনসংখ্যা, প্ৰাকৃতিক সম্পদ আৰু শক্তি ব্যৱহাৰৰ দৰে বিষয়সমূহৰ ওপৰত একাধিক ডাটাক লৈ গৱেষণা কৰিছে৷ ক্লাব অফ ৰোমত প্ৰকাশিত এই গৱেষণাত আসন্ন বিৱৰ্তনৰ সীমা তুলি ধৰা হৈছে৷ যি শেষ পৰ্যন্ত মানুহক পতনৰ দিশত লৈ যাব পাৰে৷
পৃথিৱীত মানুহৰ অস্তিত্ব কেতিয়া শেষ হ’ব?
এই গৱেষণাৰ পৰা দলটোৱে জানিব পাৰিছে যে ২১ শতকৰ মাজভাগতে ধ্বংস হ’ব সমাজ৷ অৰ্থাৎ মানুহ বিলুপ্ত হ’বলৈ দুই দশকতকৈয়ো কম সময় আছে৷ হিচাপত কৈছে যে ১৭ বছৰ পাছতেই নাথাকিব মানুহৰ অস্তিত্ব৷ অৰ্থাৎ ২০৪০ চনত পতন ঘটিব মানুহৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















