চিকিউৰিটি গাৰ্ডৰ কন্যাই কঠোৰ পৰিশ্ৰমেৰে UPSC হিন্দী মিডিয়ামত শীৰ্ষত
পিতৃ পেছাত চিকিউৰিটি গাৰ্ড। এসাঁজ খাই এসাঁজ লঘোনে থাকি হলেও কন্যাক পঢ়াৰ বাবে কৰি দিছিল সুবিধা। কন্যাৰো পঢ়াৰ প্ৰতি ঢাউতি প্ৰৱল। পিতৃৰ কষ্ট বুজি এদিন এগৰাকী ডাঙৰ অফিচাৰ হোৱাৰ সপোন দেখিছিল সেই চিকিউৰিটি গাৰ্ডৰ কন্যাই।
সপোন দেখি, সেই সপোনৰ বাবে কষ্ট কৰিলে এদিন সফল হবই। সেই চিকিউৰিটি গাৰ্ডৰ কন্যাই এতিয়া সকলো কষ্টৰ ফল লাভ কৰিলে। ইউ পি এছ চিত লাভ কৰিলে ১৩৭ সংখ্যক স্থান।
উত্তৰাখণ্ডৰ চমৌলী জিলাৰ এখন সৰু গাঁৱৰ সেই চিকিউৰিটি গাৰ্ডৰ কন্যাৰ নাম অংকিতা কান্তি। এতিয়া অংকিতাৰ নাম বহুতৰে মুখে মুখে। অংকিতাৰ পিতৃ দেৱেশ্বৰ কান্তি এটা ব্যক্তগত সুৰক্ষা কোম্পানীত চিকিউৰিটি গাৰ্ডৰ কাম কৰে।
সেই দেৱেশ্বৰ কান্তিৰ কন্যা অংকিতাই কতো কোনো ধৰণৰ কোচিং নোহোৱাকৈ, কাৰো সহায় নোলোৱাকৈ কেৱল নিজেই কঠোৰ অধ্যয়ন কৰি দেশৰ ভিতৰতে ১৩৭ সংখ্যক তথা হিন্দী মিডিয়ামত শীৰ্ষত উপনীত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















