অসম লাইভ২৪ঃ ছবিত অভিনয়ৰ প্ৰস্তাৱ পূৰ্বেই পাইছিল। এইবাৰ লাভ কৰিলে চাকৰিৰো প্ৰস্তাৱ। প্ৰেমৰ টানত ভাৰতলৈ আহি এমুঠি যোগাৰ কৰিব নোৱাৰা স্বামীক লৈ বিপাঙত পৰিছিল সীমা। কিন্তু সীমাৰ সকলো দুখ কষ্টৰ দিন এতিয়া অতীত হ’ল। গুজৰাটৰ এজন ব্যৱসায়ীয়ে সীমাক অফাৰ কৰিছে চাকৰি। চাকৰিৰ প্ৰস্তাৱ আহিছে প্ৰেমিক শচীন মীনালৈকেও। সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা আৰু শচীনে যদি সেই চাকৰিত যোগদান কৰে তেন্তে তেওঁলোকৰ মাহিলী বেতন হ’ব ৫০ ৰ পৰা ৬০ হাজাৰ টকা।
ভাইৰেল খবৰ অনুসৰি নয়ডাৰ ৰবুপুৰা গাওঁত থকা শচীনৰ ঘৰলৈ আহিছে এখন চিঠি। প্ৰথমে চিঠি লাভ কৰি ভয়ত কঁপিছিল শচীনৰ পৰিয়ালৰ সদস্যসকল। কিন্তু চিঠিখন খুলি চায়েই আনন্দৰ বন্যা বৈছে শচীনৰ ঘৰত। খাম খুলিয়েই দেখা পায় যে এই চিঠি পঠিয়াইছে গুজৰাটৰ এজন ব্যৱসায়ীয়ে। চিঠিত ব্যৱসায়ীজনে সীমা আৰু শচীনক ৫০-৬০ হাজাৰ টকাৰ চাকৰিৰ প্ৰস্তাৱ দিছে। চিঠিত লগতে লিখা হৈছে যে, তেওঁলোকে ইচ্ছানুসৰি আহি চাকৰিত যোগ দিব লাগে। ইয়াৰোপৰি আন কিবা সাহায্যৰ দৰকাৰ হ’লে যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে ব্যৱসায়ীজনে।
উত্তৰপ্ৰদেশৰ আৰক্ষীৰ নিৰ্দেশতেই এতিয়াও গৃহবন্দী হৈ আছে শচীন-সীমা। শচীনৰ পিতৃ নেত্ৰপালে কিছুদিন পূৰ্বে হাতযোৰ কৰি অনুৰোধ জনাইছিল যে সংবাদমাধ্যমে যাতে সংবাদ বিচাৰি তেওঁলোকক আৰু অসুবিধা নিদিয়ে। ইউটিউবাৰ সংবাদ মাধ্যমৰ ভিৰৰ বাবেই তেওঁলোকে ভাৰাঘৰ হেৰুৱাব লগা হৈছে। তেওঁলোক দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই থকা মানুহ। এনেকৈ ঘৰতে বাইট দি থাকিলে পেটৰ ভোক কেনেকৈ দূৰ হ’ব। আইনী প্ৰক্ৰিয়া চলি থকাৰ বাবে তেওঁলোকে বাহিৰলৈকো যাব নোৱাৰে। এনেকৈ ঘৰত থাকি থাকি খাবলৈ ঘৰত খুদকণ এটাও নোহোৱা হৈছে। শচীনৰ পিতৃয়ে প্ৰশাসনৰ ওচৰত আৰ্জি জনাইছিল যে এই পৰিস্থিতিৰ পৰা তেওঁলোকক মুক্ত কৰক। চৰকাৰে যেন কিছু দ্ৰুত সমাধান কৰে। নেত্ৰপালৰ সেই আৰ্জি সামাজিকমাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেইবাজনো ব্যক্তি। সকলোতকৈ আগত তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছিল এজন ছবি প্ৰযোজক। মিৰাটৰ ছবি প্ৰযোজকজনে সীমাক তেওঁৰ ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল। অমিত জানি নামৰ মিৰাটৰ এই ছবি প্ৰযোজকজনে সীমাক ছবিত অভিনয়ৰ প্ৰস্তাৱ দিছিল। কেৱল সেয়াই নহয় আৰ্থিক সাহায্য দিয়াৰ কথাও কৈছিল প্ৰযোজকজনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















