মুম্বাইলৈ গ’লেই সকলোৰে এটা সপোন থাকে মন্নত এবাৰ চাই আহিব৷ শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ সন্মুখত প্ৰায় প্ৰতিদিনেই ভিৰ কৰে অনুৰাগীয়ে৷ অনুৰাগীৰ এটাই প্ৰত্যাশা প্ৰিয় অভিনেতাৰ দৰ্শন কৰা৷ এইবাৰ সেই মন্নতেই এৰিছে বলীউড বাদশ্বাহে৷ শীঘ্ৰেই সপৰিয়ালে মন্নত এৰিব শ্বাহৰুখ খানে৷ বান্দ্ৰাৰ সমুদ্ৰমুখী সেই ঘৰৰ পৰা আঁতৰি মুম্বাইৰ পালি হিলত থাকিব শ্বাহৰুখ আৰু তেওঁৰ পৰিয়াল৷ সম্প্ৰতি পালি হিলৰ এটা বিলাসী বাংলো ভাড়াত লৈছে শ্বাহৰুখে৷ কিন্তু হঠাৎ কিয় মন্নতৰ পৰা বিদায় লৈছে শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে?
বলীউড সূত্ৰৰ খবৰ অনুসৰি মন্নতৰ অন্দৰসজ্জা সলনি কৰা হ’ব৷ সেই সংক্ৰান্ততেই ঘৰৰ কাম আৰম্ভ হ’ব৷ কাম কৰি থকাৰ সময়ত ঘৰত থকাত অসুবিধা হ’ব বাবেই সেই ঘৰ এৰিছে শ্বাহৰুখ পৰিয়ালে৷ আগন্তুক মে মাহৰ পৰা আৰম্ভ হ’ব মন্নতত কাম৷ মন্নতত আৰু দুটি তলা যোগ কৰা হ’ব৷ ইয়াৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা গৌৰী খানে অনুমতিও লৈছে৷
যিমানদিন মন্নতত কাম চলিব সিমানদিনলৈ পালি হিলৰ ঘৰতেই থাকিব শ্বাহৰুখ গৌৰী আৰু তেওঁলোকৰ তিনি সন্তান৷ পালি হিলত ভাড়ালৈ লোৱা ৪মহলীয়া বিশেষ ঘৰটোৰ বাৰ্ষিক ভাড়া ২.৯০ কোটি বুলিও জনাইছে সূত্ৰটোৱে৷ শ্বাহৰুখে মন্নতত নথকাৰ খবৰক লৈ ভাঙি পৰিছে অনুৰাগী৷ প্ৰায়েই মন্নতৰ ছাদত অনুৰাগীক দেখা দিয়ে শ্বাহৰুখে৷ এতিয়াৰে পৰা আৰু বহু দিনলৈ শ্বাহৰুখক মন্নতত নেদেখিব অনুৰাগীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















