জ্যোতিষশাস্ত্ৰত যিকোনো গ্ৰহৰ স্থান পৰিবৰ্তনৰ বিশেষ গুৰুত্ব আছে৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিত বিশেষ যোগ তৈয়াৰ হয় যাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ভাগ্যচক্ৰত গ্ৰহৰ ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তনে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গ্ৰহই কেতিয়াবা চিধা পথেৰে আৰু কেতিয়াবা ওলোটা পথেৰে যাত্ৰা কৰে৷ ঠিক যেনেকৈ এদিন পূৰ্বে বক্ৰী হৈছে শনি আৰু শীঘ্ৰেই ওলোটা পথেৰে যাত্ৰা কৰিব বুধে৷ যাৰ ফলত চাৰি ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিৰাট সালসলনি আহিব৷
বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিৰ গ্ৰহ হৈছে শনি৷ প্ৰতি আঢ়ৈ বছৰত শনিয়ে ৰাশি পৰিবৰ্তন কৰে৷ ১২ টা ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে৷ জন্মকুণ্ডলীত সনিৰ অৱস্থান খুবেই গুৰুত্বপূৰ্ণ৷ শনিৰ প্ৰত্যক্ষ বা বিপৰীতমুখী হ’লে জীৱনত শুভ আৰু অশুভ প্ৰভাৱ পৰে৷
অন্যহাতে সৌৰমণ্ডলৰ সকলোতকৈ সৰু গ্ৰহ হৈছে বুধ৷ জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজকুমাৰ বুধক তীক্ষ্ণ বুদ্ধি, বিবেক আৰু যৌক্তিক ক্ষমতাক কাৰক বুলি ধাৰণা কৰা হয়৷ প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে বুধে ৰাশি পৰিবৰ্তন কৰে৷ মাৰ্চত নিজৰ মূল ত্ৰিকোণ ৰাশি এৰি শনিয়ে বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিছে৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পিছত মেষ ৰাশিলৈ যাত্ৰা কৰিব শনিয়ে৷ ইয়াৰ মাজতেই বিগত দেওবাৰ ১৩ জুলাইৰ পুৱা ৯ বাজি ৩৬ মিনিটত বক্ৰী হৈছে শনি৷ আগন্তুক ২৮ নৱেম্বৰ ২০২৫ পৰ্যন্ত প্ৰতিগামী গতিত অৱস্থান কৰিব শনিয়ে৷
শীঘ্ৰেই বুধো বক্ৰী হ’ব৷ বৰ্তমান বুধে কৰ্কট ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ১৮ জুলাইত কৰ্কট ৰাশিত ওলোটা পথেৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব গ্ৰহৰ ৰাজকুমাৰ৷ চলিত বছৰৰ ১১ আগষ্ট পৰ্যন্ত কৰ্কট ৰাশিত প্ৰতিগামী থাকিব বুধ৷ বুধ আৰু শনিৰ এই ওলোটা গতিয়ে চাৰি ৰাশিৰ জীৱনত অশুভ প্ৰভাৱ পৰিব৷ চৰম বিপদত পৰিব কোন কোন?
সিংহ ৰাশি
শনি-বুধ বক্ৰী হোৱাৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাই বিপদত পৰিব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় সমস্যা হব পাৰে৷ এই সময়ত স্বাস্থ্যৰ যত্ন লওক৷ নিজে বাহন চলালে সতৰ্ক থাকক৷ দুৰ্ঘটনাৰ আশংকা আছে৷ কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ চিকাৰ হ’ব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ বাবে শনি বুধৰ গোচৰ অশুভ হব পাৰে৷ আগন্তুক এমাহ এই ৰাশিৰ জাতক জাতিকা সাবধানে থাকিব লাগিব৷ নিজৰ কথাবাৰ্তা, আচৰণ নিয়ন্ত্ৰণত ৰাখক, ভুল পদক্ষেপ লোৱাৰ আশংকা আছে৷ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি হব পাৰে৷
বৃশ্চিক ৰাশি
শনি বুধৰ ওলোটা পথত কৰা যাত্ৰাই বৃশ্চিক ৰাশিলৈ দুঃসময় আনিব পাৰে৷ বৈবাহিক জীৱনত মতবিৰোধ, পৰিয়ালত শান্তি বিঘ্নিত হব পাৰে৷ যিকোনো কাম ধৈৰ্য্য সহকাৰে কৰক৷ বেকাৰ খৰচৰ দিশত নজৰ ৰাখক৷ মানসিক অস্থিৰতা আৰু আত্মবিশ্বাসৰ অভাৱে দেখা দিব পাৰে৷
কুম্ভ ৰাশি
শনি আৰু বুধৰ গতিত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ মানসিক চাপ বাঢ়িব৷ সংসাৰত আৰ্থিক টনাটনি চলিব পাৰে৷ বুজি শুনিহে খৰচ কৰিব অন্যথা ভৱিষ্যতে সমস্যাত পৰিব পাৰে৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ আনকি ঋণ লোৱা দৰে পৰিস্থিতিৰো আশংকা আছে৷ সন্তানৰ সৈতে বিবাদ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















