শনিৰ প্ৰভাৱ, এই কথা শুনিলেই ভয়ত কঁপি উঠে বহুজন৷ জ্যোতিষশাস্ত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ শনি৷ শনিক কৰ্মফলৰ দেৱতা ৰূপেও চোৱা হয়৷ শনিৰ কুদৃষ্টিত ছাৰখাৰ হৈ যাব পাৰে জীৱন৷ অৰ্থহানি, প্ৰেমত বাধা, পৰিয়ালত অশান্তিৰ দৰে নানান সমস্যাৰ মাজতো সোমাই পৰিব পাৰে৷ এনে কিছু ঘটিব পাৰে যি হয়তো আপুনি কেতিয়াও কল্পনা কৰা নাছিল৷ এই শনিয়ে যেতিয়া যি ৰাশিত থাকে তেতিয়া সেই ৰাশিৰ বেয়া সময় আৰম্ভ হয়৷ কেতিয়াবা গুচি যোৱা মানে ঢাইয়া৷ ইয়াৰ ফলত আঢ়ৈ বছৰ ধৰি বেয়া সময় চলে৷ কেতিয়াবা চলে চাৰে সাতি৷ অৰ্থাৎ চাৰে সাত বছৰ ধৰি চলে দুঃসময়৷
বৰ্তমান শনিয়ে মীন ৰাশিত গোচৰ কৰিছে৷ শনিয়ে সকলো সময়ত কুদৃষ্টি নিক্ষেপ কৰিব তেনে নহয়৷ প্ৰচলিত শনিৰ প্ৰভাৱ কেনে হ’ব সেয়া নিৰ্ভৰ কৰে কোনো ব্যক্তিৰ কৰ্মফলৰ ওপৰত৷ শনিৰ আশীৰ্বাদতেই বিভিন্ন ৰাশিৰ জাতকে জীৱনত সাফল্য লাভ কৰিব৷
শনিয়ে আঢ়ৈ বছৰ ধৰি এটা ৰাশিত অৱস্থান কৰে৷ বৰ্তমান ই মীন ৰাশিত আছে৷ ২ জুন, ২০২৭ পৰ্যন্ত মীন ৰাশিতেই অৱস্থান কৰিব৷ এই সময়ত শনিৰ আশীৰ্বাদত ৩ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিৰ জীৱনলৈ ব্যাপক সমৃদ্ধি আহিব৷ আয় দ্বিগুণ হোৱাৰ সম্ভাৱনা আছে৷ দীৰ্ঘ দিনৰ পুৰণি সমস্যাৰ সমাধান হব৷ জীৱনত সুখ শান্তি বিৰাজ কৰিব৷
কোন কোন ৰাশিৰ ভাগ্য সলনি হ’ব?
তুলা ৰাশিৰ ভাগ্য পৰিবৰ্তন
তুলা ৰাশিৰ জাতকে ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সুযোগ আছে৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিব৷ ইয়াৰ ফলত ২০২৭ চনৰ জুন মাহৰ ভিতৰত ডাঙৰ সুখবৰ পাব পাৰে৷
সিংহ ৰাশিৰ ভাগ্য পৰিবৰ্তন
শনিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকে সাফল্য অৰ্জন কৰিব৷ সমাজত সন্মান বৃদ্ধি পাব৷ আয়ৰ উৎস বৃদ্ধি পাব৷ অৰ্থ সংকট দূৰ হব৷ প্ৰেমৰ সম্পৰ্কত সুখী হ’ব পাৰে৷
মকৰ ৰাশিৰ ভাগ্য পৰিবৰ্তন
মকৰ ৰাশিৰ জাতকৰ যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে এয়াই শুভ সময়৷ ভাগ্যৰ সহায় পাব৷ সকলো ক্ষেত্ৰতে সফল হোৱাৰ বিশেষ যোগ আছে৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ বহুদিনৰ পুৰণি ঋণৰ পৰা মুক্তি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















