অসম লাইভ২৪ঃ হৃদয়ত থকা মানুহবোৰনো ক’ত হেৰাই যাব? চৰ্চা হওকেই বা নহওক হৃদয়ত অনুৰণিত হৈয়েই থাকিব। শ্বেহনাজ গীল আৰু সিদ্ধাৰ্থ শুক্লাৰ সেই বিশেষ সম্পৰ্কৰ কথাবোৰ জানো কোনোবাই পাহৰিব পাৰে! বিগ-বছ ১৩ ৰ জনপ্ৰিয় এই যুঁটিটোৰ বিচ্ছেদ কোনোৱেই বিচৰা নাছিল। কিন্তু নিয়তিৰ বিচাৰ খণ্ডাৱ কোনে। শ্বেহনাজক অকলশৰীয়া কৰি এবছৰ পূৰ্বে উভতি নহাৰ বাটেৰে গুচি গ’ল সিদ্ধাৰ্থ শুক্লা। তাৰ পাছৰে পৰাই শ্বেহনাজৰ একাকীত্ব জীৱনৰ চৰ্চা বহুততেই।
আলোচনা-সমালোচনা দেশৰ আগশাৰীৰ সংবাদ মাধ্যমসমূহতো। দোপতদোপে আগবাঢ়িছে শ্বেহনাজৰ অভিনয় যাত্ৰা। শেহতীয়াকৈ ইউটিউবৰ নিজাকৈ ব্লগ বনোৱাৰ উপৰিও এক অনুষ্ঠানো আৰম্ভ কৰিছে শ্বেহনাজে। দেশী ভাইবছ নামৰ অনুষ্ঠানটোত জনপ্ৰিয় একোগৰাকী অভিনেতাৰ সাক্ষাৎকাৰ ল’বলৈ আৰম্ভ কৰিছে শ্বেহনাজে। শেহতীয়াকৈ এই সাক্ষাৎকাৰ অনুষ্ঠানত শ্বেহনাজৰ সৈতে উপস্থিত আছিল জনপ্ৰিয় অভিনেতা আয়ুস্মান খোৰাণা। আয়ুস্মানৰ সৈতে বিভিন্ন কথা আলোচনা কৰি থকাৰ মাজতেই শ্বেহনাজে নাম লয় সিদ্ধাৰ্থ শুক্লাৰ।
সিদ্ধাৰ্থ শুক্লাৰ প্ৰসংগ উত্থাপন কৰিয়েই শ্বেহনাজে কয়, ‘সিদ্ধাৰ্থ গুচি যোৱাৰ পাছৰে পৰা মোৰ কথা শুনিবলৈ তেনে কোনো মানুহেই নাই। মই চিম্পেথী লৈছিলো বুলি বহুতেই ক’লেও মই জানো সিদ্ধাৰ্থ মোৰ সম্পৰ্কৰ কথা। সিদ্ধাৰ্থে জানিছিল মোক আগুৱাই যোৱাৰ বাট দেখুওৱাইছিল। মই এতিয়া মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব শিকিছো। কাৰণ সকলোবোৰ প্ৰকাশ কৰিব পৰাকৈ সিদ্ধাৰ্থ মোৰ কাষত নাই।’ সিদ্ধাৰ্থৰ নাম লৈয়েই শ্বেহনাজে চকুলো টোকে।
শ্বেহনাজ আৰু আয়ুস্মান খোৰাণাৰ সাক্ষাৎকাৰৰ এই বিশেষ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতেই বহুতেই শ্বেহনাজক লৈ সামাজিক মাধ্যমত কৰিছে বিশেষ পষ্ট। নেট দুনীয়াত একাংশই শ্বেহনাজক সান্তনাও দিছে। কিন্তু তাৰ মাজতেই পুনৰবাৰ শ্বেহনাজৰ সেই ভালপোৱা দেখি আৱেগিকো হৈ উঠিছে শ্বেহনাজ আৰু সিদ্ধাৰ্থ শুক্লাৰ বহু অনুৰাগীয়েই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ