অসম লাইভ ২৪ঃ মিঞাক নিঃশেষ কৰাৰ পৰিকল্পনা কৰি লাভ নাই৷ লুইতেৰে বহু পানী বাগৰি গ’ল৷ মিঞাৰ ওপৰত বহু অত্যাচাৰৰ সাক্ষী হ’ল অসম৷ তাৰ পিছতো কিন্তু অসমত মিঞা আছে৷ মিঞা অনাদি কাললৈ অসমত থাকিবই৷ এই মন্তব্য কৰিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে৷
বিধায়ক শ্বেৰমান আলী আহমেদে মিঞাৰ সপক্ষে যুক্তি দিবলৈ গৈ কয়, ‘ লুইতেৰে বহু পানী বাগৰি গ’ল৷ বহু অত্যাচাৰ হ’ল, মিঞাক কিন্তু খেদিব পৰা নগ’ল৷ খেদিলেও শেষ নহয় মিঞা৷ আদি অনন্ত কাললৈ অসমতেই থাকিব মিঞা৷’
উল্লেখ্য যে অসমত স্থাপন হোৱা মিঞা মিউজিয়াম বন্ধ কৰাক লৈ অসন্তুষ্ট শ্বেৰমানে সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে ব্যক্ত কৰে মিঞা সম্প্ৰদায়টোৰ সপক্ষে বহুকেইটা গুৰুত্বপূৰ্ণ কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ