ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ১২ বাজি ১ মিনিটত আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত উঠি মহাকাশৰ উদ্দেশ্যে যাত্ৰা কৰিছিল শুভাংশু শুক্লসহ চাৰি নভোশ্চৰ৷ যাত্ৰা আৰম্ভ হোৱাৰ ২৮ ঘণ্টা সম্পূৰ্ণ হৈছে৷ দীৰ্ঘ এই যাত্ৰাৰ শেষত আজি বিয়লি ৪ বজাত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হৈছে শুভাংশুসহ ৪ নভোশ্চৰ৷
বৃহস্পতিবাৰে দুপৰীয়া শুভাংশুহঁতে যাত্ৰা কৰা ড্ৰেগন কে আই এছ এছৰ সৈতে ডকিং কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ দুপৰীয়া ৩ বজাৰ পৰা আই এছ এছৰ পৰা স্পেছ এক্সৰ সেই মহাকাশযান স্পষ্টকৈ দেখা গৈছিল বুলি জনাইছিল মহাকাশ ষ্টেচনে৷ সমগ্ৰ যাত্ৰাত ড্ৰেগনে কোনো খেলিমেলি কৰা নাই৷ থ্ৰাষ্টাৰেও ঠিকেঠাকে কাম কৰিছে৷ নিৰ্ধাৰিত সময় মতে বৃহস্পতিবাৰে বিয়লি ৪ বজাত আই এছ এছৰ হাৰমনি পৰ্টত ড্ৰেগনৰ ডকিং প্ৰক্ৰিয়া সম্পন্ন হৈছে৷
মহাকাশযানখনত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু আছে৷ তেওঁৰ সৈতে আছে নাছাৰ প্ৰাক্তন নভোশ্চৰ তথা এক্সিয়ম স্পেছৰ মানৱ মহাকাশযানৰ ডাইৰেক্টৰ পেগি হুইটছন৷ ডকিঙৰ প্ৰক্ৰিয়াৰ দিশটোক নজৰত ৰাখিছে তেওঁলোকে৷ সেই মুহূৰ্তৰ সম্প্ৰচাৰো কৰিছে এক্সিয়ম স্পেছে৷ পৃথিৱীৰ পৰা সমগ্ৰ প্ৰক্ৰিয়াটো দেখা যাব৷ শুভাংশুহঁতৰ অভিযানৰ নাম এক্সিয়ম-৪৷ এই অভিযানৰ নেতৃত্বত আছে হুইটছন৷ ইয়াৰোপৰি আছে পোলেণ্ডৰ শ্লায়োছ উজনানস্কি-উইছনিউস্কি আৰু হাঙ্গেৰিৰ টিবৰ কাপু৷ ১৪ দিনৰ এই অভিযানৰ সমগ্ৰ সময় আন্তৰ্জাতিক মহাকাশ ষ্টেচনেই থাকিব ৪ নভোশ্চৰ৷ তাতেই অন্তত ৬০ টা পৰীক্ষানিৰীক্ষা চলাব তেওঁলোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ