বিবাহৰ ঠিক দুবছৰ পাছতেই সুখবৰ দিছে কিয়াৰা আদোৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰা৷ এইবাৰ ২ৰ পৰা ৩ জন হ’বলৈ আগবাঢ়িছে সিদ্ধাৰ্থ আৰু কিয়াৰা৷ সামাজিকমাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তাৰকা দম্পতিয়ে জনাইছে যে তেওঁলোকৰ সংসাৰলৈ নতুন সদস্য আহিছে৷
সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োৰে হাতৰ ওপৰত দুপাত বগা জোতা ৰাখি শ্বেয়াৰ কৰিছে এই পোষ্ট৷ এনেকৈয়ে সন্তানৰ আগমনৰ ইংগিত দিছে তাৰকা দম্পতিয়ে৷ ইয়াৰ সৈতে লিখিছে, ‘আমাৰ জীৱনৰ এয়া শ্ৰেষ্ঠ উপহাৰ৷ শীঘ্ৰেই আহি আছে৷’ পোষ্টটি ভাইৰেল হৈ পৰাৰ পাছতেই বহুতেই শুভেচ্ছাবাৰ্তাৰে ভৰাই দিছে দুয়োকে৷ বলীউডৰ একাধিক তাৰকাই তেওঁলোকক শুভেচ্ছা জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















