SIT ৰ সৈতে বৈঠক শেষ কৰি ওলাই আহিল অতনু ভুঁঞা, শিৱাণু বৰা, ডাঃ হিতেশ বৰুৱা, ডা শুভ্ৰকিংকৰ গোস্বামী প্ৰাঞ্জল শইকীয়া আৰু সঞ্জীৱ ফুকন৷
SIT ৰ সৈতে বৈঠক সামৰি ওলাই অহাৰ পাছতেই সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য ৰাখিছে৷
তেওঁলোকে কয়-
SIT এটা প্ৰচেছত আগবাঢ়িছে৷ হত্যাৰ ধাৰাও লগোৱা হৈছে৷
SITয়ে আমাৰ পৰা পৰামৰ্শও লৈছে৷
আমি SITৰ প্ৰক্ৰিয়া দেখি ভাৱিছো তদন্ত ভালকৈয়ে আগবাঢ়িছে৷
কিন্তু কৰ্টত যি চাৰ্জশ্বিট দিয়ে সেইটোৰ পাছতহে সমগ্ৰ কথা গম পোৱা যাব৷
বাকী পোষ্টমৰ্টেম ৰিপৰ্ট বা ভিছেৰা ৰিপৰ্ট দেখুওৱা হোৱা নাই৷
ছিংগাপুৰৰ পৰা অসম আৰক্ষীলৈ মেইল আহিছে৷
অসমৰ কোন কোন আৰক্ষী যাব তেওঁলোকে ডিটেইলছ বিচাৰিছে৷
ছিংগাপুৰ আৰক্ষীয়েও নিজাববীয়াকৈ তদন্তও আগবঢ়াৰ কথা গম পাইছো৷
আমি চাৰ্জশ্বিট কঠোৰ হোৱাটো বিচাৰিছো৷
অকল পোষ্টমৰ্টেম ৰিপৰ্ট নহয়, কি কি নেগলেজেন্সি জুবিনৰ লগত হৈছিল চাৰ্জশ্বিটত সকলো থাকিব লাগিব৷
ৰাইজে এৰি দিলে নহ’ব, আমিও ৰাইজৰ সৈতে আছো৷
SIT য়ে কোনো গোপনীয় কথা আমাক কোৱা নাই৷
আমি কেৱল অসমৰ ৰাইজে কি কি ক’ব খুজিছে সেই কথা SIT দলক কৈছো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















