• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

1 year ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

59 minutes ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

1 hour ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

2 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

2 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

4 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

5 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

6 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

7 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

7 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?

editor by editor
October 14, 2025
in অসম, জীৱনশৈলী
0
‘শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ জুবিনৰ মৃত্যুৰ কাৰণ কেতিয়া গম পাব গৰিমাই?
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
‘মোৰ বুকুত মুৰ থৈ কৈছিলা, “তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম?” শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই?’ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আকৌ এটা আৱেগিক পোষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ৷
শিৰত সেন্দুৰ জিলিকি থাকিলেও গৰিমাৰ বুকু আজি একেবাৰেই উদং৷ তেওঁৰ গল্ডী গুচি গ’ল উভতি নহাৰ বাটেৰে৷ জুবিনৰ সেই ধেমালিভৰা সময়বোৰে গৰিমাক বৰকৈ আমনি কৰাৰ কথা গৰিমাই কেইবাটাও ইণ্টাৰভিউত জনাইছে৷ গৰিমাই কৈছিল ১৯৯৫ চনৰ পৰা ২০২৫ লৈ এক দিঘলীয়া সময় জুবিনৰ সৈতে কটাইছে গৰিমাই৷ মাত্ৰ ১৭ বছৰ বয়সতে গৰিমা প্ৰেমত পৰিছিল জুবিনৰ৷ তেতিয়াৰে পৰা সুদীৰ্ঘ ৩০ বছৰ সময় গৰিমা জুবিনৰ কাষত আছে৷ জুবিনৰ প্ৰতিটো ভাললগা, বেয়ালগা নোকোৱাকৈ বুজি উঠা গৰিমাই জুবিন বিহীন সময়খিনিক আজিও সাধাৰণভাৱে ল’ব পৰা নাই৷ কাৰণ তেওঁৰ প্ৰিয় গল্ডীৰ মৃত্যুওযে স্বাভাৱিক নহয়৷ প্ৰাণৰ প্ৰিয় পুৰুষক এনেকৈ হেৰুওৱাব বুলি জানো গৰিমাই ভাৱিছিল৷
জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ কেইটামান দিন পূৰ্বেই গৰিমাই অসম লাইভ২৪ত এক সাক্ষাৎকাৰ দিছিল৷ তাতো গৰিমাই জুবিনৰ সৈতে একেলগে জীৱনৰ বাৰ্ধক্যৰ কথা পৰিকল্পনাৰ কথা কৈছিল৷ বুঢ়া হ’লে বেমাৰ আজাৰ বাঢ়িব সেয়ে ধন কিছু সঞ্চয়ৰ কথা জুবিনক কোৱাৰ কথা কৈছিল গৰিমাই৷ জুবিনে তেতিয়া হাঁহি হাঁহি জনাইছিল, বেমাৰ হ’লে অসমৰ ৰাইজে ১টকাকৈ দিলেও হৈ যাব৷ সেই জুবিনক গৰিমাই ইমান অকালতে হেৰুৱাই পেলাব সেয়া জানো এবাৰলৈকো ভাৱিছিল গৰিমাই৷ হঠাৎ ছিংগাপুৰৰ পৰা আহিছিল সেই দুঃখবৰ৷ তেওঁৰ গল্ডী আৰু নাই৷ গৰিমাই বিশ্বাস কৰা নাছিল৷ নাই গল্ডী ঘূৰি আহিব৷ তেওঁ যুঁজাৰু এনেকৈ তেওঁ কেতিয়াও গুচি নাযায়৷ কিন্তু গৰিমাৰ হাজাৰ প্ৰাৰ্থনাতো জুবিন আৰু ঘূৰি নাহিল৷ এটা কফি ৰঙৰ কফিনত এমব্লেম কৰা শৰীৰ আহিল কাহিলীপাৰাৰ ঘৰলৈ৷
তাৰপিছৰে পৰা এদিন দুদিনকৈ ২৫ টা দিন পাৰ হ’ল৷ কিন্তু আজিও গৰিমা তথা অসমৰ ৰাইজে গম নাপালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ৷ ছিংগাপুৰত সাগৰত ডুবি মৃত্যু হোৱা বুলি আহিল পোষ্টমৰ্টেম ৰিপৰ্ট৷ কিন্তু ইমান মানুহৰ মাজত য়াট পাৰ্টি কৰিবলৈ গৈ জুবিনে কেনেকৈ সাগৰত ডুবিল তাৰ সঠিক তথ্য আজিলৈ কোনেও দিব পৰা নাই৷ এই তথ্য বিচাৰি হাহাকাৰ কৰিছে জুবিন পত্নী গৰিমাইয়ো৷ এটি শিশুৰ দৰে গৰিমাই সামৰি ৰখা জুবিনক গৰিমাৰ বুকুৰ পৰা কিয় কাঢ়ি নিয়া হ’ল সেই প্ৰশ্নও গৰিমাই কৰিছে৷ কোনেও এতিয়ালৈকে গৰিমাক সেই উত্তৰ দিয়া নাই৷ একেই প্ৰশ্ন কৰিছে অসমৰ জনতাই৷ কিন্তু উত্তৰ এতিয়াও লাভ কৰিব পৰা হোৱা নাই৷
মঙলবাৰে SITৰ জিম্মাত থকা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, সহ কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ ছিংগাপুৰলৈ নি এইদৰে মৃত্যুৰ মুখলৈ থেলি নিজেই বিজনেছ মিটিঙত ব্যস্ত থকা শ্যামকানু মহন্তৰো আজি ১৪ দিনীয়া এছ আই টিৰ জিম্মা শেষ হৈছে৷ হয়তো কাইলৈ আটাইকেইজনকেই আদালতত হাজিৰ কৰোৱা হ’ব৷ হয়তো বিত্তীয় কেলেংকাৰীত পুনৰবাৰ গ্ৰেপ্তাৰ কৰিবও পাৰে SIT দলে৷ কিমান দিঘলীয়া হ’ব তদন্ত প্ৰক্ৰিয়া সেই কথা এতিয়াও স্পষ্ট নহয়৷ এছ আই টিয়ে ৯০ দিনৰ পাছত চাৰ্জশ্বিট কৰ্টত দিব বুলি একাংশ সূত্ৰই প্ৰকাশ কৰিছে৷ কিন্তু এই ৯০ দিন জানো গৰিমাৰ বাবে সহজ হ’ব? স্বামীৰ মৃত্যু কেনেকৈ হ’ল সেই প্ৰশ্নই খুলি খুলি খোৱা গৰিমাৰ বাবেই SITয়ে যেন তদন্ত ক্ষীপ্ৰতাৰে আগুৱাই নিয়ে তাৰবাবেও এতিয়া অনুৰোধ জনাইছে বহুসংখ্যক লোকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক
জীৱনশৈলী

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

October 24, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

October 24, 2026
Next Post
কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

কালীপূজাৰ পাছতেই খুলিব কঁপাল, নৱেম্বৰত লাভেই লাভ এই ৬ৰাশিৰ জাতকৰ

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.