অসম লাইভ ২৪ঃ গৰুখুঁটিৰ উচ্ছেদৰ পাছত হাহাকাৰ উচ্ছেদিত লোকৰ৷ ক’ত থাকিব, কি কৰিব? হাহাকাৰ কৰি ঘূৰি ফুৰিছে উচ্ছেদিত লোকে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আশ্ৰয় লৈছেগৈ গৰুখুঁটিৰ উচ্ছেদিত লোকে৷ একাংশ লোকে নদী পথেৰে সোণাপুৰৰ বৰটিলা, পাৰকুমা আদি ঠাইত প্ৰৱেশ কৰিছে৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এখন পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পত্ৰখনত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাৰঘুমা, কচুতলি, বেলটিলা আদি ঠাইত হাজাৰ হাজাৰ সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰা বুলি উল্লেখ কৰিছে৷ ইফালে দৰঙৰ গৰুখুঁটিৰ উচ্ছেদৰ পাছতে মায়ঙৰ ঔগুৰিৰ বালিচাপৰিত একাংশ লোকে আশ্ৰয় লৈছে৷ বাসগৃহ সাজি স্থানীয় লোকৰ কৃষি ভূমি দখল কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০-৩০ ঘৰ লোকৰ পৰা ১০০ৰো অধিক ঘৰ অঞ্চলটোত সজা দৃষ্টিগোচৰ হৈছে স্থানীয় লোকৰ৷ স্থানীয় লোকৰ অভিযোগৰ পাছত মৰিগাঁও জিলা প্ৰশাসন অধিক তৎপৰ হৈছে৷ মায়ং আৰক্ষী আৰু ssb জোৱান অঞ্চলটোত মোতায়েন কৰিছে প্ৰশাসনে৷ তদুপৰি সন্দেহজনক লোকসকলক স্বইচ্ছাই অঞ্চলটো এৰি যাবলৈ সময়সীমা বান্ধি দিছে স্থানীয় লোকে৷ ইফালে, ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত আশ্ৰয় লৈছে একংশ সন্দেহজনক লোকে৷ গৰুখুঁটিৰ উচ্ছেদৰ পাছতে অঞ্চলটোত এইসকল লোকে আশ্ৰয় লোৱা বুলি সন্দেহ কৰা হৈছে৷ ক’ৰ পৰা, কেনেকৈ আহি চৰ-চাপৰিত আশ্ৰয় লৈছে, তাক লৈ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷ এতিয়া প্ৰশ্ন হয়, গৰুখুঁটিত উচ্ছেদ অভিযান চলিল৷ উচ্ছেদিত লোকসকলে ঠায়ে ঠায়ে পুনৰ আশ্ৰয় লৈছে৷ এনেদৰে কোন ঠাইত চৰকাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব? যদি স্থায়ীভাৱে তেওঁলোকক আশ্ৰয়ৰ ব্যৱস্থা কৰি নিদিয়ে, তেন্তে ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ দখল চলি থাকিব৷ চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা নকৰিলে এনেদৰে চলি থাকিব অবৈধ দখল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ