অসম লাইভ ২৪ঃ আজি মহাশিৱৰাত্ৰি। ভিন্ন প্ৰান্তত ভক্তসকলে আৰাধনা কৰিছে শিৱক। পিছে শিৱৰাত্ৰিৰ দিনা ১০টা কাম কৰাৰ পৰা বিৰত থাকিব লাগে ভক্তসকল। অন্যথা ৰুস্ত হৈ পৰে মহাদেৱ। কি এই দহটা কাম।
১. আজিৰ দিনটোত স্নান কৰাৰ পূর্বে খাদ্য গ্ৰহণ কৰা অনুচিত। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূর্বে খাব নালাগে খাদ্য।
২. আজিৰ দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। ক’লা ৰঙৰ কাপোৰ পিন্ধিলে অশুভ বুলি ধৰা হয়।
৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খোৱা অনুচিত। এই প্ৰসাদ গ্ৰহণ কৰিলে ধন হানি হোৱাৰ লগতে বেমাৰ হয় বুলি লোকবিশ্বাস আছে।
৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসীপাত দিব নাপায়। শিৱলিংগৰ ওপৰত ঠাণ্ডা গাখীৰ ঢলা উচিত। গাখীৰ ৰখা পাত্ৰ সোণ, ৰূপ অথবা কাঁচৰ হোৱা উচিত। অৱশ্যে ষ্টীলৰ পাত্ৰ ভক্তসকলে ব্যৱহাৰ কৰিব পাৰে।
৫. ভগৱান শিৱৰ আৰতি কৰোঁতে কেতিয়াও কেতেকী আৰু চম্পা ফুল দিব নাপায়। কেতেকী ফুল বহা যদিও ভগৱান শিৱৰ পূজাত ইয়াৰ ব্যৱহাৰ নহয়।
৬. শিৱৰাত্ৰিৰ ব্ৰত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পিছ দিনা ৰাতিপুৱালৈ থাকে। অৱশ্যে ব্ৰত ৰখাসকলে সূর্যাস্তৰ পিছত ফল আৰু গাখীৰ খাব পাৰে।
৭. শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ’ব নালাগে।অক্ষত চাউল পূর্ণতাৰ প্ৰতীক। সেয়েহে শিৱ পূজাত চাউল আগবঢ়োৱাৰ আগত চাউলসমূহ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত।
৮. শিৱলিংগৰ ওপৰত প্ৰথমে পঞ্চামৃত দিয়া উচিত। যিসকলে চাৰিপ্ৰহৰৰ পূজা কৰে, তেওঁলোকে প্ৰথমপ্ৰহৰত পানী, দ্বিতীয় প্ৰহৰত দৈ, তৃতীয় প্ৰহৰত ঘিউ আৰু চতুর্থ প্ৰহৰত মৌ দিয়া উচিত।
৯. শিৱৰাত্ৰিত ৩খিলা পাত থকা বেলপাতহে শিৱক অর্পণ কৰা উচিত। ছিগা অথবা ফটা বেলপাত দিলে শিৱ অসন্তুষ্ট হয়।
১০. শিৱৰাত্ৰিত কেতিয়াও কুমকুমৰ তিলক লগাব নাপায়। মহাদেৱক প্ৰসন্ন কৰিবলৈ চন্দনৰ ফোট লগোৱা উচিত। অৱশ্যে ভক্তসকলে পার্বতী আৰু গণেশৰ মূর্তিৰ ওপৰত কুমকুমৰ ফোট লগাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ