অতিকে শোকাৱহ, হেলিকপ্টাৰ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালসহ ৬ জনে
এক অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এটা পৰিয়াল সহ মুঠ ৬ লোকে। এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ হাডচন নদীত।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এখন পৰ্যটক কঢ়িওৱা হেলিকপ্টাৰ নিয়ন্ত্ৰণ হেৰুৱাই হাডচন নদীত পৰি যায়। পৰ্যটকৰ পৰিয়ালটো স্পেইনৰ আছিল বুলি নিউয়ৰ্ক পোষ্টৰ বাতৰিত প্ৰকাশ পাইছে।
খবৰ অনুসৰি এই দুৰ্ঘটনাটো স্থানীয় সময় অনুসাৰে বৃহস্পতিবাৰে বিয়লি নিউয়ৰ্ক চহৰৰ ওপৰেৰে হেলিকপ্টাৰেৰে পৰ্যটকৰ এটা পৰিয়াল কঢ়িয়াই নিছিল। কিন্তু আকাশৰ মাজতে হঠাতে নিয়ন্ত্ৰন হেৰুৱাই হাডছন নদীত পৰি যায়।
লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত লোক কেইজনক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে। ঘটনাস্থলীতে পৰিয়ালটোৰ ৪ জন লোকে প্ৰাণ হেৰুৱাই, অন্য দুজন পৰিয়ালটোৰে এজন আৰু আনজন পাইলটৰ চিকিৎসালয়ত মৃত্যু হয়।।
মৃত্যু হোৱা লোক কেইজনৰ এজন পাইলট, বাকি পৰিয়ালটোৰ পতি-পত্নি আৰু ৩ কন কন শিশু।
বিয়লি প্ৰায় ৩.১৫ বজাত ৱেষ্ট হিউষ্টন ষ্ট্ৰীট আৰু ৱেষ্ট ষ্ট্ৰীটৰ ওচৰৰ পিয়ৰ ৪০ৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত থকা লোকৰ মোবাইলত আৱদ্ধ হয় দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ