অসম লাইভ২৪ঃ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহ। ৰ’জ ডে, টেডি ডে, চকলেট ডে, প্ৰমিছ ডে, কিছ ডে, হাগ ডে সকলোবোৰৰ শেষত ১৪ ফেব্ৰুৱাৰীত পালন কৰা হয় ভেলেণ্টাইন ডে। কিন্তু তাৰ পাছৰে পৰাই অৰ্থাৎ আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে এণ্টি ভেলেণ্টাইন ওইক। অৰ্থাৎ প্ৰেমৰ অম্ততেই বিচ্ছেদৰ সপ্তাহ। শুনিবলৈ আচৰিত লাগিলেও ১৫ ফেব্ৰুৱাৰীত পালন কৰা হয় শ্লেপ ডে। শ্লেপ ডেৰ দিনটো কেইটামান ৰাশিৰ জাতকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। কোনকেইটা ৰাশিৰ ব্যক্তিয়ে আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিব।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকসকলৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ দিনটো বিশেষ আছিল যদিও আজিৰ দিনটো বৰ এটা ভালেৰে নাযাব এই ৰাশিৰ ব্যক্তিসকলৰ। আজিৰ দিনটোত এই ৰাশিৰ জাতকসকলে মানসিক চাপত ভুগিব পাৰে। সংগীৰ পৰা দুৰ্ব্যৱহাৰ পোৱাৰো সম্ভাৱনা আছে এই ৰাশিৰ জাতক-জাতিকাসকলৰ।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো ভালেৰে নাযাব। এই জাতক জাতিকাৰ কঁপালত আজি দুঃখেই আছে বুলি জ্যোতিষসকলে উল্লেখ কৰিছে। সংগীৰ পৰা বেয়া ব্যৱহাৰ পাব পাৰে। প্ৰেমাস্পদসকলে এজনে আনজনক বুজিবলৈ যত্ন কৰাটো নিতান্তই প্ৰয়োজন।
ধনু ৰাশি
ধনু ৰাশিৰ জাতক-জাতিকাসকলৰো দিনটো দুচিন্তাত পাৰ হ’ব পাৰে। বিশেষকৈ প্ৰেমৰ দিশটোত বিশেষভাৱে নজৰ দিয়াটো প্ৰয়োজন। সম্পৰ্কত স্পেছ দিব, অন্যথা সম্পৰ্কত দূৰত্ব আহিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ