সাপ উদ্ধাৰ কৰি অৰণ্যত মেলি দিয়াটোৱে লোকজনৰ নিচা আছিল, লগতে বৃত্তিও। অঞ্চলটোত তেওঁ ‘সৰ্পমানৱ’ নামেৰে জনাজাত আছিল। ৰাজস্থানৰ চুৰু জিলাৰ বিনোদ তিৱাৰীয়ে যি সাপ উদ্ধাৰ কৰি জীৱনৰ চখ পূৰণ কৰি আহিছিল সেই সাপেই তেওঁৰ জীৱনৰ কাল হ’ল৷ সৰ্প দংশনৰ ফলতে অকাল মৃত্যু ঘটে ৪৫ বছৰীয়া বিনোদ তিৱাৰীৰ৷
শনিবাৰে পুৱা চুৰুৰ গোগামেডি অঞ্চলৰ এখন দোকানৰ বাহিৰত এটা বিষাক্ত গোখৰো প্ৰত্যক্ষ কৰে। স্থানীয় লোকে সাপটো ধৰিবলৈ বিনোদক মাতি আনে।
সাপটো ধৰি বেগত ভৰাই থাকোঁতে বিনোদ অলপ অন্যমনস্ক হৈ পৰে আৰু তেতিয়াই সাপটোৱে তেওঁৰ আঙুলিত দংশন কৰে। সাপটোৱে দংশন কৰা কেইমিনিটমানৰ ভিতৰতে বিনোদৰ মৃত্যু হয়। দোকানৰ বাহিৰত থকা চিচিটিভি কেমেৰাত এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয়।
লগতে পঢ়ক সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!
স্থানীয় ৰাইজে জনোৱা মতে, সাপ ধৰা বিনোদৰ বৃত্তি আৰু নিচা আছিল। তেওঁ বিভিন্ন ঠাইৰ পৰা সাপ উদ্ধাৰ কৰি হাবিত এৰি দিছিল। তেওঁ জীৱনত বহুতো বিষাক্ত সাপও উদ্ধাৰ কৰি আহিছিল।
নিজকে সৰ্পবান্ধৱ হিচাপে পৰিযচয় দিয়া বিনোদ অঞ্চলটোত সৰ্পমানৱ হিচাপে পৰিচিত হৈ পৰিছিল। স্থানীয় ৰাইজে লগতে কয় যে অঞ্চলটোৰ ৰাইজে বিনোদক অতি মৰম আৰু শ্ৰদ্ধা কৰিছিল। দেওবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















