দিনকদিনে সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ আমাৰ দেশতো বৃদ্ধি হৈছে কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। কৰ্কটক লৈ প্ৰতি মুহূৰ্ততে চলি আছে গৱেষণা। শেহতীয়াভাৱে এক গৱেষণাৰ অন্তত প্ৰকাশ পোৱা সমীক্ষাত চিকিৎসকে উল্লেখ কৰিছে যে এলকহল সেৱনো কৰ্কট বৃদ্ধিৰ অন্য এক কাৰণ। অতিৰিক্ত সুৰাপানৰ অভ্যাস থকা ব্যক্তিৰো কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এলকহলৰ পৰাই প্ৰায় ৭ প্ৰকাৰৰ কৰ্কট হ’ব পাৰে।
পৃথিৱীৰ সমান্তৰালকৈ দেশত বৃদ্ধি হৈছে কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্জ-এ দিয়া তথ্য অনুযায়ী দেশত প্ৰতিদিনে ১৩০০ ব্যক্তিৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হয়। প্ৰথমাৱস্থাতেই কৰ্কট ধৰা পৰা ৰোগী যদিও জীয়াই থাকে তেনে ৰোগীৰো গড় আয়ুস কিন্তু যথেষ্ট কম।
কি কি কাৰণত কৰ্কট ৰোগ হ’ব পাৰে? কৰ্কট আক্ৰান্তৰ ওপৰত চিকিৎসা বিজ্ঞানে প্ৰতিদিনেই চলাইছে সমীক্ষা। কিন্তু কৰ্কট মূলত কিয় হয় এই সম্পৰ্কে বৰ্তমানলৈ সঠিক তথ্য প্ৰকাশ কৰা নাই বিজ্ঞানীসকলে। ইয়াৰ পৰিবৰ্তে আনুষংগিক কিছু কাৰণ বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।
লগতে পঢ়ক ট্ৰেন্স মহিলাৰে প্ৰেমত পৰিল স্বামী! সেই কথা জানিব পাৰি পত্নীয়ে দিলে বিয়া পাতি
উদাহৰণস্বৰূপে অস্বাস্থ্যকৰ জীৱনশৈলী, বাহিৰত সঘনাই আহাৰ গ্ৰহণ কৰাৰ অভ্যাস, অত্যাধিক হাৰত ধুমপান, তেল-মছলা জাতীয় খাদ্য খোৱাৰ প্ৰৱণতা এইসমূহ আনুসংগিক কাৰণ বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।
ইংলেণ্ডৰ ৰিডিং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰা নতুন সমীক্ষা মতে এলকহলৰ পৰাও হ’ব পাৰে কৰ্কট। নিয়মীতভাৱে অত্যাধিক হাৰত মদ্যপান কৰা ব্যক্তি কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
আমাৰ শৰীৰৰ কোষৰ সৈতে এলকহলৰ মিশ্ৰণত এবিধ ক্ষতিকৰ ৰাসায়নিক পদাৰ্থ শৰীৰত উৎপন্ন হয়। এই ৰাসায়নিক পদাৰ্থক বিজ্ঞানীসকলে নাম দিছে একটালডিহাইড। এই একটালডিহাইডে ডিএনএ ক ক্ষতিগ্ৰস্থ কৰে। এলকহলে শৰীৰৰ প্ৰতিটো কোষতেই কৰ্কট সৃষ্টিকাৰী ক্ষতিকাৰী পদাৰ্থৰ সৃষ্টি কৰে।
লগতে পঢ়ক সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!
স্বাস্থ্য সম্পৰ্কীয় আলোচনী ‘নেচাৰ’ ত প্ৰকাশ কৰা অনুসৰি যিসকল ব্যক্তিয়ে দৈনিক মদ্যপান কৰে তেওঁলোকৰ তুলনাত মদ্যপান নকৰা ব্যক্তিৰ কৰ্কট আক্ৰান্ত হোৱাৰ সম্ভাৱণা কম। আলোচনীখনত প্ৰকাশ কৰা সমীক্ষাত আমেৰিকাত প্ৰতি বছৰে প্ৰায় ১২ হেজাৰ লোকৰ কৰ্কট হোৱাৰ মূল কাৰণেই অত্যাধিক মদ্যপান।
ইয়াৰোপৰি সমীক্ষামতে আমেৰিকাত বহু কমবয়সীয়া লোকো আক্ৰান্ত হয় কৰ্কটত। ইয়াৰ কাৰণো মদ্যপানেই। অত্যাধিক মদ্যপানৰ ফলত মুঠ সাতধৰণৰ কৰ্কটে শৰীৰত থিতাপি ল’ব পাৰে। যেনে- ডিঙিত হোৱা কৰ্কট, খাদ্যনলীৰ কৰ্কট, কণ্ঠনলীৰ কৰ্কট, লিভাৰৰ কৰ্কট, কলন কৰ্কট, স্তন কৰ্কট, মলাশয়ত হোৱা কৰ্কট।
চিকিৎসকে প্ৰকাশ কৰা সমীক্ষা মতে কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে মদ্যপানৰ অভ্যাস ত্যাগ কৰাটো অত্যন্ত জৰুৰী। ইয়াৰোপৰি ধুমপানৰ অভ্যাস ত্যাগ কৰি সুস্থ খাদ্যভাষ গঢ়ি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিও কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ পৰা হাত সাৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ