ৰাছিয়া তেতিয়া চলে জুলিয়ান কেলেণ্ডাৰত। সেই অনুসৰি ১৯১৭ চনৰ ২৫ অক্টোবৰত সূচনা হোৱা ‘অক্টোবৰ বিপ্লব’ৰ পৰিণতি প্রতিগৰাকী ইতিহাস সচেতন লোকৰ অবগত। এই বিপ্লবৰ ১০৯ বছৰৰ পাছত বর্তমানৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ অক্টোবৰত মাহত ইউৰোপব্যাপী সূচনা হৈছে আন এক আলোড়ন- ‘ভবিষ্যতৰ হকে যুঁজ’, যাৰ নেতৃত্বত আছে ছাত্র সমাজ, সৰল অভিধাৰে ‘জেন জি(ড)’। ফ্রান্স, ইটালী, স্পেইন, পটুগাল, ছার্বিয়া, গ্রীচ- তৰুণৰ বিক্ষোভেৰে উত্তাল হৈছে ইউবোপৰ এখনৰ পৰা আনখন দেশঃ যেন ইউৰোপৰ তৰুণ তেজত সংক্রমিত হৈছে বিক্ষোভৰ বা-মাৰলী। ফ্রান্সত শিক্ষাসংকটক লৈ, স্পেইনত গৃহহীনৰ বিৰুদ্ধে, ছাৰ্বিয়াত দুর্নীতিৰ তদন্ত আৰু ৰাজনৈতিক পৰিবৰ্তনৰ দাবীত, ইটালীত নিম্ন হাৰৰ বেতন তথা চৰকাৰী সেৱাসমূহৰ দুৰৱস্থাৰ প্রতিবাদত; পৰ্টুগালত জীৱনযাত্রাৰ ব্যয়ৰ বিৰুদ্ধে, গ্রীচত শিক্ষা ব্যৱস্থাক পৰিকাঠামো উন্নত কৰাৰ দাবীত…। কিন্তু কেৱল ইউৰোপ নহয়-ভাৰতৰ পৰা ইণ্ডোনেছিয়ালৈ, আর্জেণ্টিনাৰ পৰা টিউনিছিয়া হৈ যুক্তৰাষ্ট্ৰলৈকে জেন জি(ড)ৰ মাজত প্রৱাহিত হৈছে বিদ্রোহৰ ধ্বনি। স্বাভাবিকতেই উত্থাপিত হৈছে এই প্রশ্নঃ বিষয় ভিন্ন হ’লেও দেশে দেশে কিয় জাগি উঠিছে তৰুণ প্রজন্ম? এনে বিক্ষোভৰ মাজত টানিব পাৰি নেকি কোনো সমান্তৰাল?
ৰাজনৈতিকভাবে এই চর্চা অতি সাম্প্রতিক হ’লেও বিশ্বৰ অনেক পণ্ডিতে কিন্তু সম্ভাৱ্য তৰুণ জাগৰণৰ পূর্ব-ঘোষণা কৰিছিল। চলিত বছৰৰ মাৰ্চতে ৯৬ বছৰ বয়সত মৃত্যু বৰণ কৰা প্রসিদ্ধ জার্মান দার্শনিক তথ্য সমাজবিজ্ঞানী জুৰ্গেন হেবাৰমাছে মন্তব্য কৰিছিল, প্রতিষ্ঠিত ৰাজনৈতিক ব্যৱস্থাসমূহে জনসাধাৰণৰ দীর্ঘম্যাদী কল্যাণ আৰু ভৱিষ্যৎ-সুৰক্ষাৰ প্রতি উদাসীন হ’লে যুব প্রজন্মৰ স্বতঃস্ফূর্ত আন্দোলনেই গণতান্ত্রিক ব্যৱস্থাক পুনৰ সঠিক পথলৈ আনিবৰ বাবে হেঁচা প্রয়োগ কৰে। হেবাৰমাছে এই মন্তব্য কৰিছিল কেইবছৰমানৰ পূর্বে তেতিয়াৰ এগৰাকী কিশোৰী গ্রেটা থুনবার্গৰ উদ্যোগত ইউৰোপজুৰি সূচনা হোৱা শুকুৰবৰীয়া পৰিবেশ আন্দোলনৰ পৰিপ্রেক্ষিতত। কিন্তু হেবাৰমাছতকৈও অধিক স্পষ্টকৈ যোৱা শতিকাৰ শেষভাগতেই খ্যাতিমান মার্কিন মার্ক্সীয় দার্শনিক তথা সাহিত্য সমালোচক ফ্রেডিক জেমছনে পোষ্ট মৰ্ডানিজম, অৰ কালচাৰেল লজিক অব লেট কেপিটেলিজম গ্রন্থত দিছিল বর্তমানৰ ছাত্র আন্দোলনৰ এক গভীৰ পূর্বাভাস। পুঁজিবাদৰ অন্তিম পর্যায়ত নব্য উদাৰ ব্যৱস্থাই মানুহৰ সামাজিক জীৱন আৰু সংস্কৃতিৰ লগতে নৱ প্রজন্মৰ মানসিকতা কিদৰে নিয়ন্ত্রণ কৰিছে সেয়া জেমছনে স্পষ্টকৈ তুলি ধৰিছিল। তেওঁ সকীয়াই দিছিল, এই ব্যৱস্থাই মচি নিয়ে ভৱিষ্যতৰ আশাবাদী প্রতিচ্ছবি। আজি ইউৰোপ-ভাৰত-যুক্তৰাষ্ট্রৰ তৰুণ আন্দোলনে সেই কথাই প্রতিপন্ন কৰিছেঃ ভৱিষ্যৎ সন্দর্ভত উদ্বেগ আৰু সন্দিগ্ধতাই অন্ততঃ এই ছাত্র আন্দোলনৰ ভিত্তি। অহা ২০ নৱেম্বৰত সমগ্র ইউৰোপতে সংঘবদ্ধ আন্দোলনৰ যি কার্যসূচী গ্রহণ কৰা হৈছে, তাৰ শ্ল’গানেই দিয়ে এই কথাৰ প্রমাণঃ “ফাইট ফৰ আৱাৰ ফিউচাৰ, নট দেয়াৰ ৱাৰ্ছ।”
কল্যাণ আৰু ভৱিষ্যতৰ নিৰাপত্তাঃ ভাৰতত কক্ৰোচ জনতা পার্টীৰ উদ্যোগত হোৱা আন্দোলনেই হওক বা যুক্তৰাষ্ট্ৰত ট্রাম্পৰ ক্ষমতা কেন্দ্রীভূত কৰা আৰু প্রব্রজন নীতিৰ বিৰোধিতাই হওক, সাম্প্রতিক বিশ্বত তৰুণ সমাজৰ জাগৰণৰ এই এটাই কাৰণ। লক্ষনীয় কথা এইটোও যে বিশ্বত এই মুহূর্তত সক্রিয় কোনোটো আন্দোলন কোনো একক নেতা-নেত্রীৰ আহ্বানত হোৱা নহয়, এক স্বতঃস্ফূর্ত জাগৰণ মাত্র। ভাৰতত কক্ৰোচ জনতা পার্টীৰ গঠনেইতো হৈছে এনে স্বতঃস্ফূর্ততাৰে, ভৱিষ্যতৰ নিৰাপদ সমাজৰ হকে, এক ব্যংগৰ বিৰুদ্ধে।
এই নেতৃত্বহীন, সর্বাত্মক স্ব-জাগৰণৰ কাৰণো স্পেনীয় সমাজবিজ্ঞানী মেনুৱেল কাষ্ট্ৰেলছৰ ৰচনাত পোৱা যায়। ছাত্র অৱস্থাত ১৯৫০-৬০ৰ দশকত কাষ্টেলছে নিজেও চৰকাৰ বিৰোধিতাৰে আন্দোলনত নামিছিল। তথ্যৰ যুগৰ সমাজ, অর্থনীতি আৰু সংস্কৃতিৰ সুক্ষ্ম পর্যৱেক্ষণৰ বাবে প্রসিদ্ধ এই সমাজবিজ্ঞানীগবাকীৰ মতে বর্তমানৰ প্রজন্মই ইমানেই কম সময়তে দ্রুতগতিত বৈশ্বিক যোগাযোগ স্থাপন কৰিব পাৰে যে প্রচলিত ব্যৱস্থাৰ ৰাজনৈতিক শক্তিৰ বাবে সেয়া নিয়ন্ত্রণসাধ্য হৈ নাথাকে। ইণ্টাৰনেট নির্ভৰ এই প্ৰজন্মৰ আন্দোলন স্বতঃস্ফূর্ত নেটৱর্ক আন্দোলন। অৱশ্যে এই নেতৃত্বহীন গাঁথনিৰ বাবেই কাষ্টেলছৰ মতে এনে আন্দোলন এপিনে ক্ষণস্থায়ী হৈ ৰয়, আৰু আনপিনে প্রাতিষ্ঠানিক পৰিবর্তনতো হয় ব্যর্থ।
এয়াই হয়তো যিকোনো প্রশাসনৰ বাবে স্বস্তিৰ কাৰণ- এনে আন্দোলনে তেওঁলোকৰ বাবে ল’ব নোৱাৰে কালান্তক ৰূপ। কিন্তু যি ভৱিষ্যতৰ বাসিন্দা আমাৰ উত্তৰ প্রজন্ম, তেনে ভবিষ্যৎ নিৰাপদ কৰি, উত্তৰ প্রজন্মৰ বাবে সুস্থিৰ কৰি ৰখাৰ দায়িত্বও নেতৃত্বই সঠিক ৰূপত ল’বই লাগিব। তৰুণ তেজৰ সাম্প্রতিক টগবগনিৰ সময়তে উল্লেখ কৰিব পাৰি যে ইউৰোপত শেহতীয়া জেন জি(ড) বিক্ষোভৰ সূচনা হৈছিল ২০১৮ চনৰ ২০ আগষ্টত, তেতিয়াৰ পোন্ধৰ বছৰীয়া প্লেটা থুনবার্গৰ উদ্যোগত। তাৰ কেইদিনমানৰ পাছত ষ্টকহ’মত দিয়া এটা ভাষণত গ্রেটাই কৈছিল- ‘আমাক আমাৰ ভৱিষ্যৎ দিয়া, আমাৰ জীৱন তোমালোকৰ হাতত।’ গ্রেটাৰ আন্দোলন আছিল পৰিৱেশ ৰক্ষাব। সেই পৰিৱেশ এতিয়া প্রসাৰিত হৈছে সমাজ-অর্থনীতি-জীৱনৰ নিৰাপত্তালৈ। এনে পৰিস্থিতিত প্রশাসনৰ লগতে বাঢ়িছে প্রতিগৰাকী অভিভাবকবো দায়িত্ব। গ্রেটাৰ সেইদিনাৰ ভাষণৰ এটা কথাই অন্ততঃ আপোনাক-মোকো নিজৰ ভূমিকাৰ প্রতি উদ্বিগ্ন কৰি
তোলে- তোমাৰ মৌনতাই সবাতোকৈ নিকৃষ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















