জ্যোতিষশাস্ত্ৰত মংগল গ্ৰহক সাহস, শক্তি, ক্ৰোধ আৰু পৰাক্ৰমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আনহাতে, কেতু গ্ৰহক হঠাৎ ঘটা ঘটনা, বিভ্ৰান্তি আৰু বিচ্ছিন্নতাৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। এই দুটা গ্ৰহ যেতিয়া একেটা ৰাশিত অৱস্থান কৰে, তেতিয়া জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ইয়াক এক বিশেষ সংযোগ হিচাপে বিবেচনা কৰা হয়। বিগত ১২ নৱেম্বৰত মংগল গ্ৰহে সিংহ ৰাশিত প্ৰৱেশ কৰিছে। ইতিমধ্যে সিংহ ৰাশিত কেতু অৱস্থান কৰি থকাৰ বাবে দুয়োটা গ্ৰহৰ মাজত সংযোগ গঢ় লৈ উঠিছে।
জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি, মংগল আৰু কেতুৰ এই সংযোগৰ ফলত কিছুমান ৰাশিৰ জাতক-জাতিকাৰ জীৱনত মানসিক অশান্তি, পাৰিবাৰিক সংঘাত, কৰ্মক্ষেত্ৰত সমস্যা আৰু আৰ্থিক প্ৰত্যাহ্বান আহিব পাৰে। সেয়েহে এই সময়ছোৱাত তিনিটা ৰাশিৰ লোকক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
১. মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। সেয়েহে মংগল আৰু কেতুৰ এই সংযোগে মেষ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। এই সময়ছোৱাত আপোনাৰ খং আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতানৈক্য বা বিবাদ হোৱাৰ আশংকা আছে। আনকি বহুদিন ধৰি চলি থকা কামো কোনো কাৰণত বাধাগ্ৰস্ত হ’ব পাৰে। সেয়েহে কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰাৰ লগতে আনৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাটো জৰুৰী। পাৰিবাৰিক জীৱনতো সৰু সৰু কথাক লৈ ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। কথা কওঁতে সংযম ৰক্ষা কৰক আৰু খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল’ব। আৰ্থিক দিশতো সাৱধান হোৱা উচিত। বিশেষকৈ ভালদৰে বিবেচনা নকৰাকৈ কাকো ধন ধাৰলৈ দিয়া বা নতুন বিত্তীয় লেনদেনত জড়িত হোৱাৰ পৰা বিৰত থাকক।
জ্যোতিষৰ প্ৰতিকাৰ: জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি, মঙলবাৰে হনুমান চলিছা পাঠ কৰিলে শুভ ফল লাভ কৰিব পাৰি বুলি ধৰা হয়।
২. সিংহ ৰাশি
মংগল আৰু কেতুৰ সংযোগ সিংহ ৰাশিতেই গঢ় লৈ উঠিছে। সেয়েহে এই ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ছোৱাত নিজৰ আচৰণ, খং আৰু সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱা উচিত বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পালেও খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয়। সামান্য কথাতে খং প্ৰকাশ কৰিলে আপোনাৰ ঘনিষ্ঠ লোকসকলৰ সৈতে সম্পৰ্কত দূৰত্ব সৃষ্টি হ’ব পাৰে। গতিকে যিকোনো পৰিস্থিতিতে ধৈৰ্য আৰু সংযম বজাই ৰাখিবলৈ চেষ্টা কৰক। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল’ব। নতুন বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। লগতে অপ্ৰয়োজনীয় খৰচ কমোৱাৰ চেষ্টা কৰক। ইয়াৰ উপৰি গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰক। নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক আৰু কোনো শাৰীৰিক অসুবিধাক অৱহেলা নকৰিব।
জ্যোতিষৰ প্ৰতিকাৰ: জ্যোতিষশাস্ত্ৰৰ মতে, প্ৰতিদিনে পুৱা তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱতাক অৰ্পণ কৰাটো শুভ বুলি বিশ্বাস কৰা হয়।
৩. ধনু ৰাশি
মংগল আৰু কেতুৰ এই সংযোগে ধনু ৰাশিৰ জাতক-জাতিকাৰ জীৱনতো কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। বিশেষকৈ ব্যৱসায় আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত এই ৰাশিৰ লোকসকলে অধিক সাৱধান হোৱা প্ৰয়োজন। ব্যৱসায়ীসকলে এই সময়ছোৱাত আনক অন্ধভাৱে বিশ্বাস কৰাৰ পৰা বিৰত থাকক। কোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি চাওক। গুৰুত্বপূৰ্ণ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। চাকৰিয়ালসকলেও নিজৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিয়াটো প্ৰয়োজন। কামৰ ক্ষেত্ৰত যাতে কোনো ভুল নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। পাৰিবাৰিক জীৱনতো কিছু অশান্তিৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ জীৱনসংগী বা পৰিয়ালৰ আন সদস্যৰ সৈতে মতানৈক্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সৰু সৰু কথাক লৈ কাজিয়া নকৰিব আৰু পৰিস্থিতি বুজি ধৈৰ্যৰে সিদ্ধান্ত লওক।
জ্যোতিষৰ প্ৰতিকাৰ: জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি, বৃহস্পতিবাৰে ১০৮ বাৰ ‘ওঁ ব্ৰীং বৃহস্পতয়ে নমঃ’ মন্ত্ৰ জপ কৰিলে শুভ ফল পোৱা যায় বুলি গণ্য কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















