• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

4 minutes ago
চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

59 minutes ago
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

1 hour ago
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

2 hours ago
সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

2 hours ago
কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি

কাজিৰঙাৰ দুৰ্ঘটনাই জোকাৰিলে পৰিবহণ বিভাগক, তাৎক্ষণিকভাৱে নিলম্বন ৬ বিষয়া

3 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

ঘৰত কাজিয়াই অশান্তি কৰিছে? পৰিয়ালত সুখ-শান্তিৰ বাবে মানি চলক এই বাস্তুৰ নিয়ম

3 hours ago
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

3 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

3 hours ago
Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

4 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

অসম ৰাইফলছৰ ৩৫৪টা পদৰ বাবে নিযুক্তি, শীঘ্ৰে কৰক আবেদন

5 hours ago
বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

5 hours ago
১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

সলনি হ'ব ভাৰতৰ অৰ্থনীতি

editor by editor
November 16, 2026
in বিবিধ, ভাৰত, লেখা
0
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ভূমিত লুকাই থকা বিপুল পৰিমাণৰ সোণ উলিওৱাৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। দেশত সোণৰ উৎপাদন বৃদ্ধি কৰি বিদেশৰ পৰা সোণ আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা কমোৱাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। এই উদ্দেশ্যে নিটি আয়োগে (NITI Aayog) এক নতুন পৰিকল্পনা প্ৰস্তুত কৰিছে।

এই পৰিকল্পনাৰ জৰিয়তে দেশত সোণৰ অন্বেষণ আৰু খনন কাৰ্য অধিক সক্ৰিয় কৰাৰ লগতে এই খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ বিনিয়োগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। সোণৰ খনিত বিনিয়োগ কৰা কোম্পানীসমূহক আৰ্থিক সুবিধা প্ৰদান কৰা আৰু খননৰ সৈতে জড়িত নিয়ম-কানুন সৰল কৰাৰ পৰামৰ্শও আগবঢ়োৱা হ’ব পাৰে। ইয়াৰ উপৰি কোম্পানীসমূহক দীৰ্ঘম্যাদী খননৰ অধিকাৰ প্ৰদান কৰা আৰু খনন প্ৰকল্পৰ বাবে নিবিদা দিয়া কোম্পানীসমূহৰ কাৰিকৰী দক্ষতাৰ ভিত্তিত মূল্যায়ন কৰাৰ ব্যৱস্থাও এই পৰিকল্পনাত থাকিব।

ভাৰতত সোণৰ চাহিদা যথেষ্ট বেছি। কিন্তু দেশত সোণৰ উৎপাদন কম হোৱাৰ বাবে প্ৰয়োজনীয় সোণৰ বৃহৎ অংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। ইয়াৰ ফলত দেশৰ বহু পৰিমাণৰ বৈদেশিক মুদ্ৰা ব্যয় হয়। সেয়েহে এতিয়া দেশৰ মাটিৰ তলত থকা সোণৰ ভাণ্ডাৰ চিনাক্ত কৰি তাৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে চৰকাৰে।

ভাৰতত সোণৰ খনন কিয় কম?

ভাৰতত সোণৰ ভাণ্ডাৰ থকাৰ পিছতো ইয়াৰ খনন কাৰ্য বিশেষ আগবঢ়া নাই। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। ইকনমিক টাইমছত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ভাৰতত মাটিৰ তলত কিমান পৰিমাণৰ সোণ আছে, সেই সম্পৰ্কে পৰ্যাপ্ত তথ্যৰ অভাৱ। সোণৰ নতুন ভাণ্ডাৰ বিচাৰি চলোৱা অনুসন্ধানৰ কামো সীমিত। ইয়াৰ উপৰি এটা খনন প্ৰকল্প আৰম্ভ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়।

আনহাতে, খনন প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়াত থকা বিভিন্ন সমস্যা, প্ৰকল্পসমূহ লাভজনক হোৱাৰ অনিশ্চয়তা আৰু চৰকাৰী অনুমোদন লাভৰ জটিলতাই বিনিয়োগকাৰীসকলক এই খণ্ডৰ পৰা আঁতৰাই ৰাখিছে। এই সমস্যাসমূহ দূৰ কৰিবলৈ নিটি আয়োগৰ নতুন পৰিকল্পনাত কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় বৃদ্ধি কৰি অনুমোদন প্ৰক্ৰিয়া সহজ কৰা, সোণৰ ভাণ্ডাৰৰ সঠিক তথ্য সংগ্ৰহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড গ্ৰহণ কৰা আৰু কোম্পানীসমূহৰ বাবে এক সুস্থিৰ নীতি প্ৰস্তুত কৰা আদি উল্লেখযোগ্য।

ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক সোণৰ ভাণ্ডাৰ আছে?

প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰায় ৫০.১ কোটিৰ পৰা ৫১.৮ কোটি টন সোণযুক্ত খনিজ অক্সাইডৰ সম্পদ আছে বুলি অনুমান কৰা হৈছে। এই সম্পদৰ পৰা প্ৰায় ৬০০ৰ পৰা ৬০৭ টন বিশুদ্ধ সোণ লাভ কৰাৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন ৰাজ্যত সোণৰ ভাণ্ডাৰ আছে যদিও বিহাৰত সৰ্বাধিক সোণৰ সম্পদ থকাৰ তথ্য প্ৰকাশ পাইছে। ৰাজ্যভিত্তিক হিচাপত সোণৰ সম্পদৰ অৱস্থান এনেধৰণৰ—
– বিহাৰ: দেশৰ মুঠ সোণৰ সম্পদৰ প্ৰায় ৪৪–৪৫ শতাংশ।
– ৰাজস্থান: প্ৰায় ২৫ শতাংশ।
– কৰ্ণাটক: প্ৰায় ২১ শতাংশ।
– পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ড: এই ৰাজ্যকেইখনতো সোণৰ ভাণ্ডাৰ আছে। অৰ্থাৎ ভাৰতৰ মাটিত যথেষ্ট পৰিমাণৰ সোণৰ সম্পদ আছে। কিন্তু এই সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ এতিয়াও সম্ভৱ হোৱা নাই।

বিশ্বৰ পঞ্চম বৃহত্তম সোণ আমদানিকাৰক দেশ ভাৰত

ভাৰত বিশ্বৰ অন্যতম বৃহৎ সোণৰ বজাৰ। দেশত সোণৰ গহনা আৰু বিনিয়োগৰ চাহিদা অধিক হোৱাৰ বাবে প্ৰতি বছৰে বৃহৎ পৰিমাণৰ সোণ বিদেশৰ পৰা আমদানি কৰা হয়। প্ৰতিবেদন অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় ৭১.৯৮ বিলিয়ন ডলাৰ ব্যয় কৰি ৮০০ টনতকৈ অধিক সোণ আমদানি কৰিছিল। ইয়াৰ ফলত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম সোণ আমদানিকাৰক দেশ হিচাপে পৰিগণিত হৈছে। অৱশ্যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত দেশৰ সোণ আমদানি পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ৩৯.৯ শতাংশ হ্ৰাস পাই ২৪.৭৮ বিলিয়ন ডলাৰ হৈছে। তথাপিও বিদেশৰ পৰা সোণ আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা এতিয়াও যথেষ্ট বেছি।

নতুন পৰিকল্পনাই কি পৰিৱৰ্তন আনিব?

বিশেষজ্ঞসকলৰ মতে, ভাৰতত সোণৰ অন্বেষণ আৰু খনন কাৰ্য বৃদ্ধি কৰিব পাৰিলে দেশৰ অৰ্থনীতিৰ বাবে ই যথেষ্ট লাভজনক হ’ব পাৰে। ইয়াৰ ফলত বিদেশৰ পৰা সোণ ক্ৰয় কৰাৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বৈদেশিক মুদ্ৰা ৰাহি হ’ব। লগতে দেশত নতুন খনন প্ৰকল্প আৰম্ভ হ’লে বিনিয়োগৰ সুযোগ বৃদ্ধি পাব আৰু নতুন কৰ্মসংস্থাপনৰ পথো মুকলি হ’ব। সেয়েহে এতিয়া চৰকাৰৰ লক্ষ্য হৈছে দেশৰ মাটিৰ তলত থকা সোণৰ ভাণ্ডাৰ চিনাক্ত কৰা, আধুনিক প্ৰযুক্তিৰ সহায়ত খনন বৃদ্ধি কৰা আৰু ব্যক্তিগত কোম্পানীসমূহক এই খণ্ডত বিনিয়োগৰ বাবে উৎসাহিত কৰা। এই পৰিকল্পনা সফল হ’লে ভৱিষ্যতে সোণৰ ক্ষেত্ৰত বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ
জীৱনশৈলী

চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

November 16, 2026
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?
ভাৰত

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

November 16, 2026
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?
বিনোদন

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

November 16, 2026
সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!
ভাৰত

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

November 16, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.