উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত পোহৰলৈ আহিছে এক অদ্ভুত আৰু চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক চাৰিদিনৰ মূৰে মূৰে সাপে দংশন কৰাৰ ঘটনাই এতিয়া সমগ্ৰ পৰিয়ালটোক আতংকিত কৰি তুলিছে। ইতিমধ্যে একেৰাহে চাৰিবাৰ এনে ঘটনা সংঘটিত হৈছে। কিশোৰীগৰাকীৰ দাবী অনুসৰি, প্ৰতিবাৰেই বেলেগ বেলেগ সৰ্প দংশন কৰে তেওঁক। কেতিয়াবা ৰং বেলেগ, আকৌ কেতিয়াবা আকাৰ বেলেগ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোতো সৃষ্টি হৈছে ব্যাপক চৰ্চা।
জানিব পৰা মতে, এই ঘটনা ছাহাৰানপুৰৰ সখান খুৰদ গাঁৱৰ। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, যোৱা ২৯ অক্টোবৰত প্ৰথমবাৰৰ বাবে কিশোৰীগৰাকীক সাপে দংশন কৰিছিল। সেই সময়ত কিশোৰীগৰাকী ঘৰৰ ভিতৰত নিজৰ দৈনন্দিন কাম-কাজত ব্যস্ত আছিল। হঠাৎ সাপে কামোৰাত কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোক ততাতৈয়াকৈ ওলাই আহে। কিন্তু সেই সময়লৈকে সাপটো সেই স্থানৰ পৰা আঁতৰি গৈছিল।
ইয়াৰ পিছতে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসকে তেওঁৰ চিকিৎসা কৰে। প্ৰথম ঘটনাৰ পিছত পৰিয়ালৰ লোকে ইয়াক এক আকস্মিক দুৰ্ঘটনা বুলি ভাবিছিল।
চাৰিদিনৰ পিছতে পুনৰ সাপৰ দংশন
কিন্তু প্ৰথম ঘটনাৰ মাত্ৰ চাৰিদিন পিছতেই পুনৰ একেই ঘটনা সংঘটিত হয়। কিশোৰীগৰাকীয়ে আকৌ এবাৰ সাপ দেখা পায় আৰু সাপে দংশন কৰে। এইবাৰ কিশোৰীগৰাকীৰ দাবী অনুসৰি, সাপটোৰ ৰং আগৰটোতকৈ বেলেগ আছিল। ইয়াৰ পিছতো প্ৰতি চাৰিদিনৰ মূৰে মূৰে একেধৰণৰ ঘটনা ঘটিবলৈ ধৰে। প্ৰতিবাৰেই সাপে দংশন কৰাৰ পিছত সাপটো নোহোৱা হৈ যায় বুলি কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। কিশোৰীগৰাকীৰ মতে, সাপটো দেখাত প্ৰতিবাৰেই বেলেগ বেলেগ হয়। কেতিয়াবা সৰু, কেতিয়াবা দীঘল আৰু ৰঙৰ ক্ষেত্ৰতো পাৰ্থক্য দেখা যায়।
চতুৰ্থবাৰৰ ঘটনাৰ পিছত আতংকিত পৰিয়াল
শেহতীয়াকৈ চলিত মাহৰ সোমবাৰে চতুৰ্থবাৰৰ বাবে কিশোৰীগৰাকীক সাপে দংশন কৰে। একেৰাহে চাৰিবাৰ এনে ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। কিশোৰীগৰাকীৰ সৈতে বাৰে বাৰে এনে ঘটনা কিয় ঘটিছে, তাক লৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে গভীৰ উদ্বেগ।
ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি গাঁওখনতো বিভিন্ন ধৰণৰ আলোচনা চলিছে। একাংশ লোকে ঘটনাটোক লৈ আচৰিত প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই নিজৰ ধৰণেৰে ইয়াৰ ব্যাখ্যা আগবঢ়াইছে। অৱশ্যে, কিশোৰীগৰাকীক বাৰে বাৰে সাপে দংশন কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ সত্যতা আৰু সাপৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হ’বলৈ বৈজ্ঞানিক পৰীক্ষা আৰু উপযুক্ত তদন্তৰ প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















