ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আৰু ভয়ংকৰ হত্যাকাণ্ড। দুলীয়াজানৰ কমলাবাৰী দহহুকুটাত একে পৰিয়ালৰ তিনিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ ভিতৰতে পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে পৰিয়ালটোৰ তিনিওগৰাকী সদস্যৰ ক্ষত-বিক্ষত মৃতদেহ। এই শিহৰণকাৰী ঘটনাই অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে উদ্বেগৰ সৃষ্টি কৰিছে।
নিহত লোককেইগৰাকী হৈছে চন্দ্ৰকান্ত ভূঞা, এলিজা ভূঞা আৰু তেওঁলোকৰ জীয়ৰী নিহাৰিকা ভূঞা। জানিব পৰা মতে, পৰিয়ালটোত মুঠ তিনিগৰাকী সদস্যই আছিল। কিন্তু অজ্ঞাত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হৈ পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্যৰ কৰুণ মৃত্যু ঘটে। ঘৰৰ ভিতৰত তিনিওগৰাকী লোকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই হত্যাকাণ্ডটোৰ ভয়াবহতা অধিক বৃদ্ধি কৰিছে।
দুলীয়াজানৰ কমলাবাৰী দহহুকুটাত সংঘটিত এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোকৰ ভিৰ জমা হয়। একে পৰিয়ালৰ তিনিগৰাকী লোকৰ এনে কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে। পৰিয়ালটোৰ সৈতে কি ঘটিছিল, কেনেদৰে সংঘটিত হ’ল এই ভয়ংকৰ হত্যাকাণ্ড, সেই লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডটোৰ সৈতে কোন জড়িত, কি উদ্দেশ্যেৰে এই নৃশংস ঘটনা সংঘটিত কৰা হ’ল আৰু ইয়াৰ আঁৰত কোনো ব্যক্তিগত শত্ৰুতা আছে নেকি, সেই সকলো দিশ তদন্তৰ আওতালৈ অনা হৈছে।
অৱশ্যে, বৰ্তমানলৈকে হত্যাকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। কোনে আৰু কিয় চন্দ্ৰকান্ত ভূঞা, এলিজা ভূঞা আৰু তেওঁলোকৰ জীয়ৰী নিহাৰিকা ভূঞাক হত্যা কৰিলে, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ পিছতহে এই ভয়ংকৰ হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
দুলীয়াজানৰ কমলাবাৰী দহহুকুটাত সংঘটিত এই হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে পৰিয়ালৰ তিনিওগৰাকী সদস্যৰ মৃত্যুৰ ঘটনাই বহু প্ৰশ্নৰ জন্ম দিছে। হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
উল্লেখ্য যে চন্দ্ৰকান্ত ভূঞাৰ সম্পৰ্কীয় ভাতৃয়ে সদৰী কৰা অনুসৰি পৰিয়ালটোৱে অধিকাংশ সময় নগাঁৱত থাকে। কন্যাৰ শিক্ষাসূত্ৰে এই তিনিজনীয়া পৰিয়ালটোৱে অধিকাংশ সময় নগাঁৱত থাকে। OILৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালটোক কোনে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















