শীতৰ বতৰ অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে পিকনিকৰ প্ৰস্তুতি। পৰিয়াল, বন্ধু-বান্ধৱীৰ সৈতে পিকনিক উপভোগ কৰিবলৈ বহুতে ইতিমধ্যে পৰিকল্পনা কৰিছে। কিন্তু এইবাৰ পিকনিকলৈ যোৱাৰ পূৰ্বে কেইবাটাও নিয়ম মানি চলিব লাগিব। ইচ্ছা অনুসৰি যিকোনো স্থানলৈ পিকনিকৰ বাবে যাব নোৱাৰিব আপুনি। পিকনিকলৈ যোৱাৰ পূৰ্বে আগতীয়াকৈ প্ৰশাসনৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে।
পিকনিকৰ নামত দূৰণিবটীয়া স্থানলৈ যোৱাৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে বাধা-নিষেধ। বিশেষকৈ দূৰৰ স্থানলৈ পিকনিক যাব বিচৰাসকলে সহজে অনুমতি লাভ নকৰিব। তাৰ পৰিৱৰ্তে নিজৰ অঞ্চলৰ ওচৰে-পাজৰে থকা স্থানসমূহকহে পিকনিকৰ বাবে বাচি ল’ব লাগিব।
পিকনিকলৈ যাব বিচৰা লোকসকলে পৰিবহণ বিভাগৰ পৰ্টেলৰ জৰিয়তে আগতীয়াকৈ আবেদন কৰিব লাগিব। আবেদনৰ সময়ত কোনখন বাহনেৰে পিকনিকলৈ যাব, বাহনখনত কিমানজন লোক থাকিব আৰু কোনটো স্থানলৈ যাত্ৰা কৰিব, সেই সকলো তথ্য বিভাগক জনাব লাগিব। প্ৰশাসনৰ অনুমতি লাভ নকৰাকৈ কোনো লোকেই পিকনিকলৈ যাব নোৱাৰিব।
কেৱল সেয়াই নহয়, পিকনিকলৈ যোৱাৰ সময়ৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰা হৈছে। পুৱা ৭ বজাৰ পূৰ্বে কোনো লোকেই পিকনিকলৈ বুলি যাত্ৰা আৰম্ভ কৰিব নোৱাৰিব। অৰ্থাৎ পিকনিকৰ আনন্দ উপভোগ কৰিবলৈ হ’লেও এইবাৰ প্ৰশাসনৰ নিৰ্ধাৰিত নিয়ম মানি চলিব লাগিব।
ইফালে, ৰাজ্যত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ কঠোৰ হৈছে পৰিবহণ বিভাগ। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ লগতে ৰাজ্য চৰকাৰেও যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ। নিয়ম উলংঘা কৰি ৰাজপথত বাহন চলোৱা চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰাজ্যৰ বিভিন্ন জিলাত যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগে আৰম্ভ কৰিছে ব্যাপক অভিযান। মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা জব্দ কৰা হৈছে ৫০০ৰো অধিক বাইক আৰু স্কুটাৰ। প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁৱত ৬৩খন বাহন জব্দ কৰাৰ বিপৰীতে হোজাইৰ পুৰণা বজাৰত জব্দ কৰা হৈছে ৫০খন বাহন। ইয়াৰ উপৰি লংকা, যোৰহাট, শিৱসাগৰ আৰু তেজপুৰতো চলোৱা হৈছে অভিযান। হেলমেট পৰিধান নকৰা, ছিট বেল্ট ব্যৱহাৰ নকৰা আৰু যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে।
কেৱল হেলমেট বা ছিট বেল্টৰ ক্ষেত্ৰতেই নহয়, বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকা আৰু আইন নমনা চালকসকলৰ বিৰুদ্ধেও কঠোৰ হৈছে প্ৰশাসন। নিয়ম উলংঘা কৰি বাহন চলোৱা চালকসকলক জৰিমনা বিহাৰ লগতে বাহন জব্দ কৰাৰ দৰে ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। পৰিবহণ বিভাগে স্পষ্ট কৰি দিছে যে এয়া এদিনীয়া অভিযান নহয়। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন জিলাত চলিব এই অভিযান। গতিকে ৰাজপথত বাহন চলোৱাৰ পূৰ্বে চালকসকলে নিজৰ বাহনৰ সকলো নথি-পত্ৰ ঠিক কৰি ৰখাৰ লগতে যান-বাহন আইন মানি চলাটো অত্যন্ত জৰুৰী।
সেয়েহে, এইবাৰৰ শীতকালত পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিলেও সাৱধান হওক। প্ৰশাসনৰ অনুমতি অবিহনে পিকনিকলৈ নাযাব আৰু ৰাজপথত বাহন চলোৱাৰ সময়ত সকলো যান-বাহন নিয়ম মানি চলক। অন্যথা পিকনিকৰ আনন্দৰ সলনি জৰিমনা আৰু আইনী সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















