চলিত মাহতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, কেতিয়াকৈ হ’ব আৰু ক’ত ক’ত দেখা পাব
২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। এয়া হ’ব আংশিক সূৰ্যগ্ৰহণ, যিটো ২০২৫ চনৰ ২৯ মাৰ্চত হ’ব। গ্ৰীণউইচ মীন টাইম অনুসৰি ২৯ তাৰিখে ০৮:৫০ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১২:৪৩ ত শেষ হ’ব সূৰ্যগ্ৰহণ।
ভাৰতীয় মানক সময় অনুসৰি দিনৰ ২:২০ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ আৰু সন্ধিয়া ৪:১৬ বজালৈকে চলিব। যদিও দিনৰ ভাগতে এই সূৰ্যগ্ৰহণ হব তথাপি কিন্তু ভাৰতৰ পৰা দেখা পোৱা নাযাব এইবাৰৰ সূৰ্যগ্ৰহণ।
কেৱল উত্তৰ-পূব উত্তৰ আমেৰিকা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু উত্তৰ-পশ্চিম ৰাছিয়াৰ পৰা আংশিক সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব। মুঠ ১৭ খন দেশত সূৰ্যগ্ৰহণ দেখা যাব – গ্ৰীণলেণ্ড, ইউৰোপ, উত্তৰ-পশ্চিম ৰাছিয়া, আইচলেণ্ড, কানাডা, পৰ্তুগাল, স্পেইন, আয়াৰলেণ্ড, ফ্ৰান্স, যুক্তৰাজ্য, ডেনমাৰ্ক, জাৰ্মানী, নৰৱে, ফিনলেণ্ড, ৰাছিয়া, উত্তৰ-পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকাৰ উত্তৰ-পূব অংশ।
২৯ মাৰ্চৰ সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায় যাৰ বাবে ইয়াৰ সুতক সময়ো ভাৰতত বৈধ নহ’ব আৰু এই গ্ৰহণৰ ভাৰতত কোনো প্ৰভাৱ নপৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ