• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

1 month ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

2 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

3 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

3 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

6 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

7 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

7 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

10 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

পালন কৰিছে আৰক্ষী, মহাবিদ্যালয়ৰ অধ্যক্ষাৰ দায়িত্ব

editor by editor
June 8, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, লেখা, শিক্ষা
0
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তথাকথিত সভ্য সমাজত সদায়ে উপেক্ষিত হৈ থাকে ট্ৰান্সজেণ্ডাৰসকল। ভেদভাব, উপেক্ষা আৰু উপযুক্ত সুবিধাৰ অভাৱে এখন সুস্থ সমাজৰ পৰা ক্ৰমাৎ দূৰলৈ লৈ যায় ট্ৰান্সজেণ্ডাৰসকলক। পেটৰ তাড়নাত অৱশেষত এওঁলোকৰ বহুতেই বাছ আস্থান, ৰে’লযাত্ৰীৰ মাজত একপ্ৰকাৰ ভিক্ষাবৃত্তিকেই আকোঁৱালি লোৱা দেখা যায়। এনেধৰণৰ স্থানত ট্ৰান্সজেণ্ডাৰসকলে ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা দৃশ্যসমূহ সকলোৰে পৰিচিত। কিন্তু লাহে লাহে বহু ট্ৰান্সজেণ্ডাৰে বিভিন্ন প্ৰতিকুল পৰিস্থিতিকো নেওচি নিজক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেনে কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ কাহিনীৰে যুগুত কৰা হৈছে আজিৰ এই প্ৰতিবেদন

১. কে প্ৰতীকা য়াছিনী
কে প্ৰতীকা য়াছিনী ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ মহিলা আৰক্ষী। কে প্ৰতীকা য়াছিনী বৰ্তমান তামিলনাডু আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। অন্য বহুজন ট্ৰান্সজেণ্ডাৰৰ দৰে প্ৰতীকায়ো শৈশৱত বহু ঘাত-প্ৰতিঘাত নেওচি আজিৰ স্থিতিত উপনীত হৈছে। তামিলনাডুৰ চালেমত জন্মগ্ৰহণ কৰা প্ৰতীকাই কম্পিউটাৰ এপ্লিকেশ্যনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে। চেন্নাইৰ এখন হোষ্টেলত ৱাৰ্ডেন হিচাপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰতীকাই TNUSRB-এ তামিলনাডু আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে দিয়া বিজ্ঞাপনত আবেদন কৰাৰ পিছত কেৱল ট্ৰান্সজেণ্ডাৰ হোৱা বাবেই তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰিছিল TNUSRB-এ । পিছত প্ৰতীকাই TNUSRBৰ এই সিদ্ধান্তক বিভিন্ন আদালতৰ জৰিয়তে প্ৰত্যাহ্বান জনায়। অৱশেষত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে প্ৰতীকাৰ পক্ষত থিয় দি ঐতিহাসিক ৰায় দিয়ে । আদালতে প্ৰতীকাক লিখিত আৰু শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়াৰ নিৰ্দেশ দিয়ে TNUSRBক। উপ পৰিদৰ্শক পদৰ বাবে প্ৰয়োজনীয় সকলো পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ এটা সময়ত প্ৰতীকাই ইতিহাস সৃষ্টি কৰি ২০১৭ৰ ২ এপ্ৰিলত তামিলনাডু আৰক্ষীত যোগ দিয়ে।

২. লক্ষ্মীনাৰায়ণ ত্ৰিপাঠী

লক্ষ্মীনাৰায়ণ ত্ৰিপাঠী বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী, নৃত্য নিৰ্দেশক তথা ভাৰত নাট্যম শিল্পী। ৰাষ্ট্ৰসংঘত এছিয়া পেচিফিক অঞ্চলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ লক্ষ্মীনাৰায়ণ ত্ৰিপাঠী। সম্প্ৰতি লক্ষ্মীনাৰায়ণ ত্ৰিপাঠীয়ে বহুকেইটা NGO পৰিচালনা কৰে যিয়ে ট্ৰান্সজেণ্ডাৰসকলক সুস্থ আৰু সন্মানীয় জীৱিকা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

৩. ৰাজা দত্ত, ক্লাছিকেল ডান্সাৰ আৰু নৃত্য প্ৰশিক্ষক

পশ্চিমবংগৰ আলিপুৰদুৱাৰত জন্মগ্ৰহণ কৰা ৰাজা দত্ত বৰ্তমান সময়ৰ এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী। নৃত্যৰ প্ৰশিক্ষণেৰে তেওঁ উন্নত জীৱন যাপন কৰাৰ উপৰিও আলিপুৰদুৱাৰৰ নিজৰ সমুদায়ৰ লোককে ধৰি ৪০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীক নৃত্যৰ প্ৰশিক্ষণ দিয়ে। ক্লাছিকেল নৃত্যৰে ৰাজা দত্তই ইতিমধ্যে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও নৃত্যৰ বাবেই বিশ্বৰ বহুকেইখন দেশ ভ্ৰমণৰ সুযোগ লাভ কৰিছে ৰাজা দত্তই।

৪ মানৱী বন্দোপধ্যায়

মানৱী বন্দোপধ্যায় এগৰাকী বাংলা সাহিত্যৰ প্ৰতিষ্ঠিত ট্ৰান্সজেণ্ডাৰ লেখিকা। ভাৰতৰ প্ৰথমখন ট্ৰান্সজেণ্ডাৰ আলোচনী অৱমানৱৰো সম্পাদিকা মানৱী বন্দোপধ্যায়। বিগত ২৬ বছৰে বন্দোপধ্যায়ে নিজাববীয়া প্ৰচেষ্টাত চলাই আহিছে এই আলোচনীখন। বন্দোপধ্যায় বৰ্তমান পশ্চিমবংগৰ কৃষ্ণনগৰ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24transgander
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.