২৩ জুনত বিয়াত বহিছে সোনাক্ষী সিনহা আৰু জাহিৰ ইকবাল৷ ৭ বছৰীয়া সম্পৰ্ক আছিল এই তাৰকা যুঁটিৰ৷ বিবাহক লৈ বিতৰ্কও হৈছে৷ বিয়াৰ এসপ্তাহ নৌহওঁতেই এইবাৰ হাস্পতালত দেখা গৈছে জাহিৰ-সোনাক্ষীক৷ দুয়োকে হাস্পতালত দেখিয়েই বহুতে কৈছে অন্তঃসত্ত্বা নেকি সোনাক্ষী? এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷
ভিডিঅ’ত দেখা গৈছে যে মুম্বাইৰ কোকিলাবেন হাস্পতালৰ পৰা বাহিৰলৈ আহিছে সোনাক্ষী আৰু জাহিৰ৷ নেটনাগৰিকৰ একাংশই সোনাক্ষীক আলিয়া ভাট্টৰ লগতো তুলনা কৰিছে৷ বিবাহৰ দুই মাহৰ ভিতৰতেই অন্তসত্ত্বা হোৱাৰ খবৰ প্ৰকাশ কৰিছিল আলিয়াই৷ সেই একেই পথকে সোনাক্ষীয়েও অনুসৰণ কৰিছে নেকি বুলি সোনাক্ষীক লৈ প্ৰশ্ন কৰিছে নেটিজেনে৷
সোনাক্ষী আৰু জাহিৰৰ বিয়াখনৰ বিতৰ্ক শেষ হোৱাই নাই৷ সাত বছৰ প্ৰেমৰ সম্পৰ্কত থকা সোনাক্ষীক বিয়াৰ বাবে সন্মতি দিছিল পিতৃ শত্ৰুঘ্ন সিনহাই৷ তাৰপিছতেই পিতৃ-মাতৃৰ উপস্থিতিত বিশেষ বিবাহ আইনৰ অধীনত বিয়া কৰাইছে সোনাক্ষীয়ে৷ বিয়াত কোনো ধৰ্মীয় আচাৰ পালন কৰা হোৱা নাছিল৷ আইনী মতেই বিয়া কৰাইছিল দুই তাৰকা দম্পত্তিয়ে৷ আড়ম্বৰহীন বিয়াত সোনাক্ষীৰ সাজ-পোছাকতো নাছিল কোনো জাকজমকতা৷ বিবাহৰ চৰ্চা মাৰ নৌযাওঁতেই এতিয়া সোনাক্ষী জাহিৰ হাস্পতাললৈ যোৱা বিষয়টোক লৈহে গৰম সামাজিক মাধ্যম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ