সম্প্ৰতি মুম্বাইত থকা সোনাক্ষী সিনহাৰ বিলাসবহুল বাহন বিক্ৰিক লৈ তুমুল আলোচনা চলিছে৷ বান্দ্ৰাৰ পশ্চিমত অৱস্থিত এই ঘৰতেই ২৩ জুনত জাহিৰ ইকবালৰ সৈতে বিয়াত বহিছিল অভিনেত্ৰী সোনাক্ষী৷ সূত্ৰৰ খবৰ অনুসৰি সোনাক্ষীৰ পুৰণি ঘৰ বিক্ৰি কৰি আকৌ নতুন ঘৰ ক্ৰয় কৰিছে সোনাক্ষী-ইকবালে৷ অৱশ্যে এই বিষয়টোক লৈ নতুন কোনো প্ৰতিক্ৰিয়া পোৱা নাই৷ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি জাহিৰে বনোৱা কোনো প্ৰজেক্টত এক ডাঙৰ এপাৰ্টমেণ্ট ক্ৰয় কৰিছে সোনাক্ষীয়ে৷
অভিনেত্ৰীৰ স্বামী দ্যা নোটবুকেৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল৷ বৰ্তমান জাহিৰ পাৰিবাৰিক ব্যৱসায়ৰ সৈতে যুক্ত৷ বিগত বছৰ দীপাৱলিৰ সময়ত অভিনেত্ৰীয়ে বোম্বে টাইমছৰ সৈতে তেওঁৰ ঘৰৰ পৰিচয় সকলোৰে আগত দিছিল৷ তেওঁৰ বাবে এই স্থান খুবেই বিশেষ বুলিও জনাইছিল৷ কাৰণ এয়া আছিল সোনাক্ষীয়ে নিজে ক্ৰয় কৰা প্ৰথম এপাৰ্টমেণ্ট৷ সোনাক্ষীয়ে এই এপাৰ্টমেণ্টক লৈ কৈছিল, ‘মোৰ দেউতা শত্ৰুঘ্ন সিনহাৰ কাৰণে মই নিজাকৈ এখন ঘৰ সাজি দিব খুজিছিলো৷ তেওঁ পাটনাৰ পৰা মুম্বাইলৈ অহাৰ পাছত প্ৰথম যি ঘৰ ক্ৰয় কৰিছিল সেইয়া তেওঁৰ বাবে প্ৰাসাদৰ কৰে৷ ১ বি এইছ কে এপাৰ্টমেণ্ট আছিল সেইটো৷ তেওঁ সেই ঘৰক লৈয়েই সুখী৷ নিজৰ বাবে এটা ঘৰ ক্ৰয় কৰাটো বিশেষ বুজাব নোৱাৰা অনুভূতি৷
এবছৰ পূৰ্বে ক্ৰয় কৰিছিল এপাৰ্টমেণ্টটো
সোনাক্ষীয়ে প্ৰথমে অৰ্থাৎ ২০২৩ চনৰ মে মাহত এটা ইনষ্টাগ্ৰাম পোষ্টৰ মাধ্যমেৰে এপাৰ্টমেণ্ট কিনাৰ কথা প্ৰকাশ কৰিছিল৷ কেইবামাহ পাছত তেওঁ আৰ্কিটেকচাৰেল ডাইজেষ্ট ইণ্ডিয়াৰ বাবে এটা ভিডিঅ’ত ঘৰৰ সকলো কোণ দেখুৱাইছিল৷ হিন্দুস্তান টাইমছৰ মতে, সোনাক্ষীয়ে ২০২০ চনৰ মাৰ্চ মাহত এপাৰ্টমেণ্টটো ক্ৰয় কৰিছিল৷ ২০৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত তেওঁ একেস্থানতে ১১ কোটি টকাত আৰু এটা এপাৰ্টমেণ্ট ক্ৰয় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ